পুনৰ শিক্ষক সমাজক লজ্জানত কৰা ঘটনা; ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ শিক্ষকৰ বিৰুদ্ধে

0
109

পুনৰ শিক্ষক সমাজক লজ্জানত কৰা ঘটনা; ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ

ৰাজ্যত পুনৰ চাঞ্চল্যকৰ ঘটনা। এইবাৰ চিৰাঙৰ বাসুগাঁৱত ছাত্ৰী অশালীন ব্যৱহাৰ কৰা শিক্ষকক লপা থপা গাঁৱৰ ৰাইজৰ।

বাসুগাঁৱতৰ ৰাজা অজিত নাৰায়ণ দেৱ ছোৱালী এম ই স্কুলত সংঘটিত হৈছে এই ঘটনা। বিদ্যালয় খনৰ হিন্দী বিভাগৰ শিক্ষক দীপক ভকত নামৰ লম্পতটোৱ পাঠ দান কৰাৰ চলেৰে সপ্তম শ্ৰেণীৰ ছাত্ৰী এগৰাকীক যৌন নিৰ্যাতন চলায় থকাৰ অভিযোগ কৰা হৈছে।

পৰিয়ালৰ লোকে জানোৱা অনুসৰি, আজি বিদ্যালয় খনত এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হোৱাৰ লগতে উত্তেজিত ৰাইজে উত্তম লপা থপা দিয়ে শিক্ষক জনক।চিৰাঙৰ বাসুগাঁৱস্থিত ৰজা অজিত নাৰায়ণ দেৱ ছোৱালী এম ই স্কুলত সংঘটিত হৈছে শিক্ষক সমাজক লজ্জানত কৰা ঘটনা ।

বিদ্যালয় খনৰ এগৰাকী সপ্তম শ্ৰেণীৰ ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত বিদ্যালয় খনৰ শ্ৰেণী কোঠাতে লম্পট শিক্ষকক লপা থপা ক্ষুদ্ধ অভিভাৱকৰ।
অভিযোগ অনুসৰি, যোৱা ২১ তাৰিখত ৰজা অজিত নাৰায়ণ দেৱ ছোৱালী এম ই স্কুলৰ হিন্দী বিভাগৰ শিক্ষক দীপক ভগতে শ্ৰেণীকোঠাতে সপ্তম শ্ৰেণীত অধ্যয়নৰত এগৰাকী ছাত্ৰীৰ সৈতে শ্লীলতাহানিৰ চেষ্টা কৰে ।

পিছত পৰিয়ালৰ লোকে ছাত্ৰী গৰাকীৰ মুখেৰে এই কথা জানিব পৰাত আজি বিদ্যালয় খনত এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়। উত্তেজিত ৰাইজে বিদ্যালয় খনৰ শ্ৰেণী কোঠাৰ ভিতৰতে জোতা, চেণ্ডেলেৰে প্ৰহাৰ কৰে ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগৰে অভিযুক্ত শিক্ষক দীপক ভগতক।

আনহাতে ইয়াতে ক্ষান্ত নাথাকি ক্ষুদ্ধ ৰাইজে শিক্ষক গৰাকীয়ে পৰিধান কৰা কাপোৰ ফালি ছিৰি অৰ্দ্ধ উলঙ্গ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে আৰু অৱশেষত বাসুগাঁও থানাৰ আৰক্ষীৰ দলে বিদ্যালয় খনত উপস্থিত হৈ শিক্ষক গৰাকীক আটক কৰি থানাত লৈ যায় যদিও একাংশ উত্তেজিত ৰাইজে বাসুগাঁও আৰক্ষী থানাৰ সন্মুখত শিক্ষক গৰাকীক নিলম্বন কৰাৰ দাবীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।