
আজিৰে পৰা তিনিদিনীয়া অসম বিধানসভাৰ শীতকালীন অধিৱেশন – আজিৰে পৰা তিনিদিনীয়া অসম বিধানসভাৰ শীতকালীন অধিৱেশন আৰম্ভ। পুৱা ৯.৩০ বজাৰ পৰা আৰম্ভ হব এই অধিৱেশনৰ কাৰ্যসূচী।
অধিৱেশন বহুকেইখন উন্নয়ন পৰিষদৰ বিল উত্থাপন কৰিব সৰ্বানন্দ সোণোৱাল চৰকাৰে৷ কাৰ্যক্ৰমণিকা অনুসাৰে ৯.৩০ বজাৰ পৰা আৰম্ভ হব লগা এই অধিৱেশনত আৰম্ভণিতেই বিধান সভাৰ প্ৰক্ৰিয়া আৰু কাৰ্য পৰিচালনাৰ নিয়মানলীৰ ৯(১) নিয়মৰ অধীনত সদন পৰিচালনাৰ বাবে মনোনীত সভাপতি সকলৰ নাম ঘোষণা কৰিব।


তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হব লগা অধিৱেশনৰ আজিৰ প্ৰথমটো দিনত মুঠ ১০ খন বিল উত্থাপন হব।
ইয়াৰে ভিতৰত উল্লেখ যোগ্য, মৰাণ অট’নমাছ কাউঞ্চিল বিল , মটক অট’নমাছ কাউঞ্চিল বিল, কমটাপুৰ অট’নমাছ কাউঞ্চিল বিল, বড়ো কছাৰী ৱেলফেয়াৰ অট’নমাছ কাউঞ্চিল বিল, আসাম এডুকেশ্যন বিল(প্ৰভিনচিয়ে লাইজেশ্বন অফ চাৰ্ভিচেছ অফ নন টিছিং ষ্টাফ অফ ভেঞ্চাৰ এডুকেশ্ব ইনষ্টিটিউতছ) আদি উত্থাপন হ’ব।
আৰু পঢ়ক : নিমিষতে ছাৰখাৰ হ’ল এখন সংসাৰঃ দ্ৰুতবেগী ট্ৰাকৰ খুন্দাত শিশুসহ এটা পৰিয়ালৰ কৰুণ মৃত্যু