
খেলি থাকোঁতেই মেলি থোৱা কাপোৰ ডিঙিত গাঁঠি লাগি কিশোৰৰ মৃত্যু
হাৰিয়ানাৰ পানিপথত সংঘটিত হৈছে এক ভয়ানক অঘটন৷ খেলি থাকোঁতেই মেলি থৈ দিয়া কাপোৰত পাক লাগি এটি ১৩ বছৰীয়া কিশোৰৰ মৃত্যু হোৱাৰ খবৰ পোহৰলৈ আহিছে৷
ঘটনা অনুসৰি পশ্চিমবংগৰ ইছলামপুৰৰ এটা পৰিয়ালে প্ৰায় এবছৰ ধৰি পানীপথৰ ভালচি গাঁৱত তিনি সন্তানৰ সৈতে বাস কৰি আছে। প্ৰতিদিনৰ দৰে পৃতি কামৰ বাবে ওলাই গৈছিল ৷
তেওঁৰ পত্নী আৰু তিনি সন্তান ঘৰতে আছিল ৷ তেওঁলোকৰ ডাঙৰ পুত্ৰ নাজিমে নামাজ পঢ়ি লগৰীয়াৰ লগত খেলিবলৈ গ’ল ৷ তেওঁলোক ঘৰৰ সমীপতে থকা এটা খালী কোৱাৰ্টাৰত খেলিবলৈ গৈছিল।
খেলৰ মাজতে কোৱাৰ্টাৰ চাদত মেলি থৈ দিয়া কাপোৰত নাজিম আৱদ্ধ হৈ পৰে
নাজিমে যিমানেই নিজকে কাপোৰৰ পাকৰ পৰা উলিয়াবলৈ বিচাৰিছিল, সিমানেই কাপোৰখন ডিঙিত গাঁঠি লাগি গৈছিল ৷ অৱশেষত নাজিমৰ ডিঙিত কাপোৰখন ইমানেই জোৰকৈ গাঁঠি লাগিল যে কিশোৰটোৱে উশাহ লব নোৱাৰা হৈ পৰিল ৷
ইফালে নাজিমৰ ঘৰৰ লোক সি বহুপৰলৈ ঘূৰি নহা দেখি চিন্তিত হয় ৷ তেওঁলোকে প্ৰথমে নাজিমলৈ অপেক্ষা কৰে যদিও বিয়লিলৈ কিশোৰটো ঘূৰি নহাত বিচাৰ খোচাৰ আৰম্ভ কৰে ৷
ঠিক তেনে সময়তে নাজিমৰ সৰু ভাতৃয়ে ককায়েকক ফাঁচ লাগি থকা দেখি চিঞৰ বাখৰ কৰে ৷ লগে লগে পৰিয়ালৰ লোকে নাজিমক এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰে ৷
হাস্পতাললৈ নিয়াৰ সময়লৈ নাজিমৰ স্বাস-প্ৰস্বাস চলি আছিল ৷ কিন্তু চিকিৎসালয়লৈ নিয়াৰ পথতে নাজিমৰ মৃত্যু হোৱাত চিকিৎসকে কিশোৰটোক মৃত বুলি ঘোষণা কৰে ৷