18 C
Guwahati
Monday, April 19, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    আমেৰিকাতকৈ পৰ্যটকৰ ভিৰ বাঢ়িছে এইখন থলীত! ভাৰততে উপভোগ কৰক বিদেশতকৈ অধিক অপৰূপ সৌন্দৰ্য

    বিশ্বত কৰ’ণা সংক্ৰমণ এতিয়াও কমা নাই। তাৰ বাবে পৰ্যটক স্থলীসমূহ যথেষ্ট ৰূপত ক্ষতিগ্ৰস্ত হৈছে। দৰ্শক নোহোৱাৰ বাবে বহু ঠাইত বন্ধ হৈ পৰিছে বহু পৰ্যটন স্থান। কিন্তু ভাৰতৰ বাবে আছে এক ভাল খবৰ। ভাৰতৰ এখন পৰ্যটন স্থলীত বৃদ্ধি পাইছে পৰ্যটকৰ সংখ্যা। গুজৰাটৰ চৰ্দাৰ বল্লভভাই পেটেলৰ স্মৃতিত নিৰ্মাণ কৰা ষ্টেচু অৱ ইউনিটী অথবা একতাৰ মূৰ্তি।

    একতাৰ মূৰ্তি বা ঐক্যৰ মূৰ্তি ভাৰতৰ প্ৰথম গৃহমন্ত্ৰী তথা উপপ্ৰধানমন্ত্ৰী আৰু বিখ্যাত স্বাধীনতা সংগ্ৰামী চৰ্দাৰ বল্লভভাই পেটেললৈ উছৰ্গিত স্মৃতিসৌধ। ১৮২ মিটাৰ উচ্চতাৰ এই মূৰ্তি বৰ্তমান পৃথিৱীৰ আটাইতকৈ ওখ মূৰ্তি। এই ভাস্কৰ্য গুজৰাট ৰাজ্যৰ নৰ্মদা জিলাত অৱস্থিত। নৰ্মদা নদীৰ বুকুত অৱস্থিত এটি নদীদ্বীপৰ পৰা চৰ্দাৰ সৰোবৰ বান্ধলৈ মুখ কৰি কেৱদিয়া কলনীত এই মূৰ্তি অৱস্থিত।

    প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পৰামৰ্শ মতে সমগ্ৰ নগৰখনকে পৰ্যটকৰ স্থান হিচাপে গঢ়ি তোলা হৈছিল।তাৰোপৰি এই চহৰখনে কৰণা ভাইৰাছৰ পাছৰ পৰা আমেৰিকাৰ ষ্টেচু অৱ লিবাৰ্টীতকৈ অধিক পৰ্যটক আহিছে। প্ৰতিদিনে এই পৰ্যটক স্থলীয়ে ১০,০০০ পৰ্যটকক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে বুলি প্ৰকাশ কৰিছে গুজৰাটৰ অতিৰিক্ত মুখ্য সচিব ৰাজীৱ গুপ্তাই।

    উল্লেখ্য যে, এই পৰ্যটকস্থলীত আছে বয়োজ্যোষ্ঠ সকলৰ বাবে ‘আৰোগ্য ভান’, শিশুৰ বাবে নিউট্ৰিচন পাৰ্ক, যুৱপ্ৰজন্মৰ বাবে কেম্প আৰু ৰাফটিং কৰিব পৰা সুবিধা, প্ৰকৃতি প্ৰেমীকসকলৰ বাবে উদ্ভিদ উদ্যান যত ১১০০ প্ৰজাতিৰ চৰাই আৰু জন্তু, লগতে ৫০০০ প্ৰজাতিৰ উদ্ভিদ।

    Photo Credit: Narmada Tent city

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published