
১০৭ বছৰীয়া কলিজা আইতাৰ খবৰ ল’লেহি ৮৭ বছৰীয়া কনিষ্ঠ পুত্ৰই! মৰমৰ ঘৰখন এৰি বৃদ্ধাশ্ৰ্ৰমলৈ কিয় কলিজা আইতা আশ্রমলৈ আহিব লগা হৈছিল জানি আৱেগিক হৈ পৰিব আপুনিও…
সকলোৱেই মৰমৰ কলিজা আইতাৰ অসুস্থতাৰ কথা হয়তো নজনাকৈ কোনো ব্যক্তিয়ে নাই। মৰমৰ আইতা গৰাকীৰ খবৰ লবলৈ আজি আহিল আইতাৰ কনিষ্ঠ পুত্ৰ। আইতাক কাষত পাই অতি আৱেগিক হৈ পৰা দেখা গৈছিল আইতাৰ পুত্ৰক।
গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত আই চি ইউত চিকিৎসাধীন হৈ থকা ১০৭ বছৰীয়া আইতাৰ খবৰ ল’লেগৈ সৰু পুত্ৰ কামাখ্যা চক্ৰৱৰ্তীয়ে। ৮৭ বছৰীয়া চক্ৰৱৰ্তীয়ে ভেণ্টিলেটৰত থকা মাকক কেইবাবাৰো মাতিলে যদিও অতি সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ থকা আইতাই কোনো সহাৰি নজানালে।
উল্লেখ্য যে, “আইতাৰ সৰু ল’ৰা ও শাৰীৰিক ভাবে অসুস্থ। তেওঁ নিজেও চিকিৎসাৰ বাবে যোৱা এমাহ ধৰি বেংগালোৰ (বেংগালুৰু) ত আছিল। আইতাৰ চাৰিজন ল’ৰা – ছোৱালীৰ তিনিজনৰেই ইতিমধ্যে মৃত্যু হৈছে।
ডাঙৰ ল’ৰাৰ মৃত্যুৰ পাছত আইতাই স্ব ইচ্ছাই এদিন আশ্রমলৈ আহিছিল। আইতা অসুস্থ হোৱাৰে পৰা সৰু ল’ৰাই সদায় এ খবৰ লৈ আছিল। আজি সৰু ল’ৰা আহি আইতাক এই অৱস্থাত দেখি মা মা বুলি উচুপি উঠে।
আইতাক সৰু ল’ৰাই নিজৰ লগতে ৰাখিব বিচাৰিছিল যদিও আইতাই আশ্ৰমতে লগ সমনীয়া পাব বুলি এদিন আশ্রমলৈ গুচি আহিছিল। যোৱা মাহতো সৰু ল’ৰাই আহি মাকৰ খবৰ কৰি গৈছিল।” এনেদৰেই আশ্রমৰ পেজটোত এজনে লিখিলে।