33 C
Guwahati
Monday, September 26, 2022
More

    আজৱ ঘটনা! এজন যুৱকৰ পিছত পৰিল এডাল বিষাক্ত সাপ, ১৫ দিনত দংশন কৰিলে ৮ বাৰ

    আজৱ ঘটনা! এজন যুৱকৰ পিছত পৰিল এডাল বিষাক্ত সাপ, ১৫ দিনত দংশন কৰিলে ৮ বাৰ

    উত্তৰ প্ৰদেশৰ আগ্ৰাত এক আচৰিত ঘটনা সংঘটিত হৈছে। দৰাচলতে আগ্ৰাৰ ২০ বছৰীয়া যুৱক ৰজত চাহাৰক এডাল সাপে বিগত ১৫ দিনত ৮ বাৰ দংশন কৰিছে।

    জানিব পৰা মতে প্ৰথম দিনা ৰাতি যেতিয়া ৰজত ঘৰত শুই আছিলে, তেতিয়া সাপ ডাল আহি ৰজতক দংশন কৰে। সাপ ডালে দংশন কৰাত ৰজতে চিঞৰিবলৈ ধৰে।

    ৰজতৰ চিঞৰ শুনি লগে লগে পৰিয়ালৰ লোক সকলে আহি দেখে যে ৰজতৰ ভৰিৰ পৰা তেজ উলাই আছে। তেওঁলোকে ৰজতক লগে লগে গাঁৱৰে চিকিৎসক জনৰ ওচৰলৈ লৈ যায়।

    তাৎক্ষণিক চিকিৎসা লাভ কৰাৰ বাবে ৰজত সুস্থ হৈ উঠে। কিন্তু তাৰ দুদিনৰ পিছত আকৌ একে ঘটনাই পুনৰাবৃত্তি ঘটে। তেনেদৰে ১৫ দিনত সাপ ডালে ৰজতক ৮ বাৰ দংশন কৰে।

    এই ঘটনাৰ বাবে ৰজতৰ পৰিয়ালৰ লোক সকলৰ মনত এক অদ্ভুত ভয় সোমাইছে। তেওঁলোকে ৰজতক বচাবৰ কাৰণে এতিয়া কোনো তান্ত্ৰিকৰ সহায় লৈছে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং