
আজি দিনৰ ১২ বজাৰ পৰা তিনিদিনৰ বাবে বন্ধ থাকিব শৰাইঘাটৰ পুৰণি দলং। অৱশ্যে কোনো কৰ’ণাৰ সংক্ৰান্তত নহয়, দলঙখনৰ মেৰামতিৰ বাবেহে ৩দিনলৈ বন্ধ ৰাখিব ৰেল’ৱে কতৃপক্ষই।

ৰেল’ৱে জনসংযোগ বিষয়া নৃপেন ভট্টচাৰ্যই সদৰি কৰিলে এই কথা। উল্লেখ্য যে পুৰণি শৰাইঘাট দলঙখন যথেষ্ট মেৰামতিৰ প্ৰয়োজন হৈ পৰিছিল। কিছু কিছু অংশত কাৰ্পেটিং এৰি গৈছিল দলং খনৰ।

দেশ লকডাউউন হৈ থকাৰ পৰিপ্ৰেক্ষিততেই জনসমাগম লগতে মানুহ বোৰৰ যাতায়ত একেবৰে কম হৈ থাকোতেই দলং খন মেৰামতিৰ সিদ্ধান্ত লয় ৰেল’ৱে কতৃপক্ষই। এই ৩টা দিন পুৰণি দলং খন বন্ধ থকাৰ বাবে নতুন দলঙেৰে যাতায়ত কৰিব পাৰিব।
Photo Credit: @nitopammedhi