খুন্দিলেও গুৰি নোহোৱা চাউল দেখিছেনে ? এনে চাউল খোৱাৰ আগতে সাৱধান হওক

0
255

খুন্দিলেও গুৰি নোহোৱা চাউল দেখিছেনে ? এনে চাউল খোৱাৰ আগতে সাৱধান হওক

চৰকাৰে যোগান ধৰা চাউল আপুনি খাই নেকি যদি খাই তেনেহলে সাৱধান হওক।

কাৰণ ৰেচনৰ চাউলত মিলোৱা হৈছে প্লাষ্টিকৰ চাউল। চৰকাৰে দৰিদ্ৰ সীমা ৰেখা তলৰ লোক সকলক মাহে মাহে বিনামূলীয়া চাউল দি আহিছে।

কিন্তু চৰকাৰে দিয়া এই চাউলত এতিয়া মিহলি হৈ আছে প্লাষ্টিকৰ চাউল।

চৰকাৰে দিয়া চাউলত প্লাষ্টিকৰ চাউল মিহলি হৈ থকা কথাতো মঙলদৈৰ এজন যুৱকে কৰা ভিডিঅ’ ৰ দ্বাৰা জানিব পৰা গৈছে।

মঙলদৈৰ জলজলি গাঁও পঞ্চায়তত এইবাৰ চাউলত মিহলি হৈ আহিল প্লাষ্টিকৰ চাউল।

গাঁও খনৰ যুৱক জনে কৰা ভিডিঅ’ টোত চাউল খিনি খুন্দাৰ পিছতো গুৰি নহ’ল।

যুৱকজনৰ মতে চৰকাৰে প্ৰদান কৰা এই বিনামূলীয়া চাউল সমূহত প্ৰায় ৩০ ৰ পৰা ৪০ শতাংশ প্লাষ্টিকৰ চাউল মিহলি হৈ আছে।