24 C
Guwahati
Tuesday, September 27, 2022
More

    আগন্তুক সময়ত সলনি হ’ব মেট্ৰিক পৰীক্ষাৰ প্ৰশ্ন কাকত ! SEBA ৰ নতুন সিদ্ধান্ত

    ৰাষ্ট্ৰীয় শিক্ষানীতিৰ আঁত ধৰি SEBA কৰ্তৃপক্ষই গ্ৰহণ কৰিছে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত।

    সলনি হ’ব মেট্ৰিক পৰীক্ষাৰ প্রশ্ন কাকত। ১০০ নম্বৰৰ প্ৰশ্ন কাকতত থাকিব ৪৫ নম্বৰৰ OBJECTIVE প্ৰশ্ন।

    ৪ টা বিষয়ক লৈ ২০২৩ চনৰ বাবে সাজু হৈছে SEBA । আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষা এইবাৰ নতুন ৰূপত অনুষ্ঠিত কৰিব SEBA কৰ্তৃপক্ষই।

    ৪৫+৪৫+১০=১০০ ফৰ্মূলা ৰূপায়ন কৰিব SEBA ই। গণিত , ইংৰাজী, সমাজ বিজ্ঞান আৰু সাধাৰণ বিজ্ঞানৰ প্ৰশ্ন কাকতত থাকিব নতুনত্ব।

    ১০০ নম্বৰৰ প্ৰশ্ন কাকতত ৪৫ তা থাকিব ১ নম্বৰকৈ OBJECTIVE প্ৰশ্ন।

    ১ নম্বৰৰ প্ৰশ্নত ছাত্ৰ -ছাত্ৰীয়ে নম্বৰ লাভ কৰিবলৈ সহজ হ’ব। ইয়াৰ বাবে নৱম শ্ৰেণীৰ পৰাই চলিব সমগ্ৰ প্ৰক্ৰিয়াৰ অনুশীলন।

    ইতিমধ্যে SEBA ই ৰাজ্যৰ বিভিন্ন বিদ্যালয় কৰ্তৃপক্ষক অৱগত কৰিছে এই নতুনত্বৰ বিষয়ে।

    উল্লেখযোগ্য যে পৰৱৰ্তী সময় গোটেই কেইটা বিষয়তে এনে ব্যৱস্থা অনাৰ কথাও চিন্তা কৰিছে কৰ্তৃপক্ষই।

    ভৱিষ্যতে হাই মাদ্ৰাছাৰ চূড়ান্ত পৰীক্ষা অনুষ্ঠিত নহ’ব বুলিও তেওঁলোকে জানিবলৈ দিয়ে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং