দাম বাঢ়িল ‘পূৰৱী’ গাখীৰৰ

ই হৈছে সমগ্ৰ উত্তৰ-পূৱ ভাৰতৰে সৰ্ববৃহৎ সক্ৰিয় ডায়েৰী। পূৰৱীয়ে গাখীৰৰ উপৰিও আন দুগ্ধজাত উৎপাদিত সামগ্ৰী গুৱাহাটী আৰু ইয়াৰ ওচৰৰ অঞ্চলবোৰত প্ৰতিদিনে যোগান ধৰি আহিছে

0
360
Photo Credit: Time8
Photo Credit: Time8

ৰাজ্যত শ্বেত বিপ্লৱ অনাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা লোৱা জনপ্ৰিয় দুগ্ধ ব্ৰেণ্ড ‘পূৰৱী’য়ে আজি পুৱাৰে পৰা প্ৰতি লিটাৰ গাখীৰৰ মূল্য ৪ টকাকৈ বৃদ্ধি কৰিছে৷ সেই অনুসৰি পূৰৱী গাখীৰৰ সংশোধিত মূল্য হ’ল-

পূৰৱী ষ্টেনডাৰ্ড মিল্ক(সেউজীয়া পেকেট)- ২৭ টকা প্ৰতি ৫০০ মিলিলিটাৰ
পূৰৱী স্মাৰ্ট মিল্ক(নীলা পেকেট)- ২৫ টকা প্ৰতি ৫০০ মিলিলিটাৰ

উল্লেখ্য যে পূৰবী হৈছে পশ্চিম অসম দুগ্ধ উৎপাদক সমবায় সংঘৰ গাখীৰ আৰু দুগ্ধজাত সামগ্ৰীৰ ব্ৰেণ্ড নাম। ই হৈছে সমগ্ৰ উত্তৰ-পূৱ ভাৰতৰে সৰ্ববৃহৎ সক্ৰিয় ডায়েৰী। পূৰৱীয়ে গাখীৰৰ উপৰিও আন দুগ্ধজাত উৎপাদিত সামগ্ৰী গুৱাহাটী আৰু ইয়াৰ ওচৰৰ অঞ্চলবোৰত প্ৰতিদিনে যোগান ধৰি আহিছে ৷