
পঢ়াত জিৰ’, ইয়াত প্ৰটেষ্ট কৰিব আহিছা, লাজ নোপোৱা? প্ৰতিবাদ কৰিবলৈ যোৱা শিক্ষাৰ্থীক (a+b)2 ফৰ্মূলা সুধি ক্লাছ ল’লে আৰক্ষীয়ে…
মেট্ৰিক পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ সময়তে চৰ্চালৈ আহিছে লখিমপুৰৰ প্ৰতিবাদৰ এটা বিশেষ ভিডিঅ’। প্ৰতিবাদকাৰী ছাত্ৰ–ছাত্ৰীক ক্লাছ ল’লে এজন আৰক্ষীয়ে।
প্ৰতিবাদস্থলীত উপস্থিত হৈ ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰি থকা ছাত্ৰ–ছাত্ৰীক আৰক্ষীয়ে সুধিলে (a+b)2ৰ ফৰ্মূলা। এই ঘটনাটো সংঘটিত হৈছে লখিমপুৰৰ নাৰায়নপুৰত।
(a+b)2ৰ ফৰ্মূলা সুধি আৰক্ষীগৰাকীয়ে ছাত্ৰ–ছাত্ৰীসকলক কয়, ‘‘পঢ়াত জিৰ’, প্ৰটেষ্ট কৰিব আহিছা। ভালকে পঢ়িবা, পৰীক্ষা ৰিছিডিউল হ’ব নহয়। ষ্টুডেণ্টে প্ৰটেষ্ট কৰে নেকি?
প্ৰটেষ্ট কৰিবলৈ পাব্লিক আছে নহয়, সংগঠন আছে নহয়। লাজ নালাগে তোমালোকৰ প্ৰটেষ্ট কৰিবলৈ। পঢ়াত ধ্যান দে, সূত্ৰ এটা নাজানা উল্টা–পুল্টা বকিবলৈ আহিছ।’’
INPUT: বিতোপন ফুকন