
পুনৰ ৰাজ্যত লজ্জাজনক ঘটনা! পিতৃৰ মৃতদেহ চুবলৈ দিয়া নহ’ল একমাত্ৰ পুত্ৰক…
এই লজ্জাজনক ঘটনা সংঘটিত হৈছে ওদালগুৰিৰ কলাইগাঁৱত। জানিব পৰা অনুসৰি, প্ৰায় তিনি বছৰ পূৰ্বে এগৰাকী বৈশ্য উপাধিৰ যুৱতীৰ লগত প্ৰেম বিবাহ কৰিছিল কলাইগাঁৱৰ নিৱাসী বিমল প্ৰসাদ শৰ্মাৰ পুত্ৰ প্ৰাণজিৎ শাণ্ডিল্যই।
সেই কাৰণতেই পৰিয়ালে সম্পৰ্ক ছেদ কৰি উলিয়াই পঠিয়াইছিল প্ৰাণজিত আৰি তেওঁৰ পত্নীক। যাৰ বাবে পৰিয়ালৰ পৰা দূৰত পত্নীৰ সৈতে ভাড়াঘৰত থাকিবলগীয়া হৈছিল প্ৰাণজিত শাণ্ডিল্যই।
উল্লেখ্য যে, যোৱা ২৪ জানুৱাৰীত আকস্মিকভাৱে মৃত্যু ঘটে প্ৰাণজিতৰ পিতৃ বিমল প্ৰসাদ শৰ্মাৰ। পৰিয়ালৰ লোকে তেওঁক এইকথা নজনালেও অন্য ব্যক্তিৰ জৰিয়তে জানিব পাৰি পিতৃক শেষ ৰীতি-নীতিৰে বিদায় দিবলৈ স্বগৃহত উপস্থিত হয় প্ৰাণজিত।
কিন্তু প্ৰাণজিতক ঘৰৰ চোতালত দেখিয়েই পুনৰ জাঙুৰ খাই উঠে পৰিয়ালৰ লোক। পিতৃৰ শৱদেহ কান্ধত ল’বলৈ দিয়াৰ পৰিৱৰ্তে প্ৰাণজিতক অকথ্য ভাষাৰে গালিগালাজহে কৰে পৰিয়ালৰ লোকে।
যাৰ বাবে উপায়হীন হৈ এতিয়া কলাইগাঁও আৰক্ষীৰ কাষ চাপিছে প্ৰাণজিত।