28 C
Guwahati
Wednesday, June 16, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    ‘দ্যা নিউয়ৰ্ক ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল’ত শ্ৰেষ্ঠ অভিনেতাৰ মনোনয়ন অসমৰ দ্বীপজ্যোতি কলিতাৰ

    ‘দ্যা নিউয়ৰ্ক ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল’ত শ্ৰেষ্ঠ অভিনেতাৰ মনোনয়ন অসমৰ দ্বীপজ্যোতি কলিতাৰ

    বিশ্ব চলচিত্ৰ জগতৰ সন্মানীয় THE NEW YORK INDIAN FLIM FESTIVEL 2021 লৈ অসমীয়া চলচিত্ৰ বৰষুণ- SONGS FOR RAIN ।

    শ্ৰেষ্ঠ অভিনেতাৰ মনোনয়ন মঙলদৈৰ দ্বীপজ্যোতি কলিতাৰ। শ্ৰেষ্ঠ নিৰ্দেশকৰ বাবে কৃষ্ণ কান্ত বৰা মনোনয়ন।

    অহা ৬ – ১৩ জুনলৈ নিউয়ৰ্কত হ’বলগীয়া নিউয়ৰ্ক ইণ্ডিয়ান ফিল্ম ফেষ্টিভেলৰ শ্ৰেষ্ঠ অভিনেতাৰ দৌৰত মনোনয়ন লাভ কৰিছে মঙলদৈৰ সন্তান দ্বীপজ্যোতি কলিতাই। সাজ এণ্টাৰটেইনমেণ্ট প্ৰযোজিত আৰু কৃষ্ণকান্ত বৰা প্ৰযোজিত অসমীযয়া চলচ্চিত্ৰ ‘বৰষুণ’ (Songs for rain)ত দূৰ্দান্ত অভিনয় কৰি শ্ৰেষ্ঠ অভিনেতাৰ মনোনয়ন লাভ কৰে দ্বীপজ্যোতি কলিতাই।

    মঙলদৈ বামুণপাৰাৰ দ্বীপজ্যোতি কলিতাই ৰাষ্ট্ৰীয় নাট্য বিদ্যালয় (চিকিম) ৰ পৰা ডিপ্লমা লাভ কৰি অপেচাদাৰী নাট্য জগতৰ লগতে সমানে সমানে চলচ্চিত্ৰ আৰু টেলিভিশ্যন ধাৰাবাহিকত অভিনয় কৰি আহিছে।

    তেখেতে জাগ্ৰত সাংস্কৃতিক গোষ্ঠী, মঙ্গলদৈৰ জৰিয়তে বহু ন প্ৰতিভাক উলিয়াই আনিবলৈ সক্ষম হৈছে। জানিব পৰা মতে, দ্বীপজ্যোতি কলিতাৰ লগতে হৰিশ খান্না (গড অন দ্যা বেলকনি), সিদ্ধাৰ্থ মেনন (জুন), তন্ময় ধননীয়া (নজৰবন্ধ) আৰু বিকাশ কুমাৰ (দ্যা নট/ উলজ্বন )ও শ্ৰেষ্ঠ অভিনেতাৰ মনোনয়ন লাভ কৰিছে।

    আনহাতে ‘বৰষুণ’ চলচ্চিত্ৰৰ পৰিচালক কৃষ্ণকান্ত বৰাও শ্ৰেষ্ঠ পৰিচালকৰ মনোনয়ন লাভ কৰিছে।মঙ্গলদৈৰ উডীয়মান নাট্য শিল্পী দ্বীপজ্যোতি কলিতাৰ এই খবৰে সমগ্ৰ দৰং বাসীক উৎফুল্লিত কৰাৰ লগতে শিল্পী গৰাকীয়ে এই সন্মান কঢ়িয়া আনিব বুলি আশা কৰিছে।

    Photo and input: kishor kalita

    আৰু পঢ়ক : ১৭ লাখ টকা ধাৰ্য কৰাৰ পিছটো সম্পূৰ্ণ নহ’ল মথাউৰি নিৰ্মাণৰ‌ কাম, চিন্তিত ৰঙ্গেশ্বৰী গাঁৱৰ ৰাইজ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published