ড্ৰাগছৰ গোচৰত ক্লীন শ্বিট পালে শ্বাহৰুখৰ তনয় আৰিয়ানে

0
68

ড্ৰাগছৰ গোচৰত ক্লীন শ্বিট পালে শ্বাহৰুখৰ তনয় আৰিয়ানে

দেশজুৰি চৰ্চিত হোৱা শ্বাহৰুখ খানৰ পুত্ৰ আৰয়ান খানৰ ড্ৰাগছৰ গোচৰৰ এক বিশেষ ৰায়। ক্লীন শ্বিট পালে আৰিয়ানে। এতিয়াৰে পৰা সেই ড্ৰাগছৰ গোচৰৰ পৰা দোষমুক্ত শ্বাহৰুখ তনয়।

এন ডি পি এছ কোৰ্টত শুকুৰবাৰ ২৭ মে’ তাৰিখে নাৰ্কোটিক কন্ট্ৰোল ব্যুৰো (NCB)য়ে শ্বাৰ্জশ্বীট দাখিল কৰিছিল। সেই শ্বাৰ্জশ্বীটত শ্বাহৰুখ পুত্ৰ আৰিয়ানৰ নাম নাছিল।

ড্ৰাগছৰ সেই গোচৰৰ শ্বাহৰুখৰ পুত্ৰ আৰিয়ান খানৰ বিৰুদ্ধে কোনো প্ৰমাণ লাভ নকৰাৰ ফলতে এইদৰে দোষমুক্ত হয়। লগতে দোষমুক্ত হয় আৰিয়ানৰ অন্য ৬ বন্ধু-বান্ধৱীয়ো ।

পাছে মুনমুন ধামেশা আৰু আৰবাজ মৰ্চেটে ক্লীন শ্বিট লাভ নকৰে। দুয়োৰে বিৰুদ্ধে ড্ৰাগছ ব্যৱহাৰৰ প্ৰমাণ লাভ কৰাৰ বাবে দুয়োৰে নাম থাকে এন চি বিৰ শ্বাৰ্জচিটত।

উল্লেখ্য যে যোৱা বৰ্ষৰ ২ অক্টোবৰত নাৰ্কোটিক্স কণ্ট্ৰোল ব্যুৰো (এনচিবি)এ এখন ক্ৰুজ জাহাজত অভিযান চলাই ড্ৰাগছ পাৰ্টিৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খানক।

প্ৰায় এমাহ কাৰাগাৰত কটোৱাৰ পিছত ২৮ অক্টোবৰত জামিন লাভ কৰিছিল আৰিয়ান খানে। সেই গোচৰৰে আজি দোষ মুক্ত হয় আৰিয়ান।