21 C
Guwahati
Friday, January 21, 2022
More

    অৱশেষত ধৰা পৰিল অনিমেষ ভূঞা হত্যাৰ মূল অভিযুক্ত নিৰজ দাস ওৰফে ক’লা ল’ৰা

    অৱশেষত যোৰহাট আৰক্ষীৰ জালত অনিমেষ ভূঞা গণপ্ৰহাৰ আৰু গণহত্যা কাণ্ডৰ মূল অভিযুক্ত নিৰজ দাস ওৰফে ক’লা ল’ৰা। যাৰ নেতৃত্বতেই সংঘটিত হৈছিল যোৰহাটৰ সেই বৰ্ব্বৰ কাণ্ড। যি পূৰ্বেও একাধিকবাৰ জেললৈ গৈছিল বিভিন্ন কাৰণত।

    যাৰ বাবে সহায় কৰিবলৈ যোৱাৰ পিছতো দোষী সজাই পুত্ৰৰ হতুৱাই মৰিয়াই মৰিয়াই মাৰি পেলোৱা হৈছিল অনিমেশক, সেই অভিযুক্ত মোহন দাসৰেই পুত্ৰ নীৰজ দাসৰ নেতৃত্বত সংঘটিত হৈছিল যোৰহাট তথা ৰাজ্য কপাই যোৱা সেই গণহত্যা।

    সেই নীৰজ দাস ওৰফে ক’লা ল’ৰা অৱশেষত গ্ৰেপ্তাৰ। যাৰ ফলত সেই হত্যাকাণ্ডত জড়িত থকা লোকক গ্ৰেপ্তাৰ কৰৈ সংখ্যা বৃদ্ধি পালে ১৩ গাৰকীলৈ। গণহত্যাত জড়িত থকাৰ অপৰাধত যোৰহাট আৰক্ষীয়ে বৰ্তমানলৈ ১৩ গৰাকী লোকক আটক কৰিবলৈ সক্ষম হৈছে।

    আৰু পঢ়ক : অনিমেষ ভূঞাৰ হত্যাৰ দুই মূল অভিযুক্ত, পিতৃয়ে লগাইছিল মিছা অভিযোগ-পুত্ৰৰ নেতৃত্বতেই হৈছিল হত্যা

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং