পোহৰলৈ আহিল মহানগৰীৰ মাজমজিয়াৰ আবদ্ধ কোঠাৰ হত্যাকাণ্ডৰ প্ৰকৃত ৰহস্য! হত্যাকাৰীয়ে স্বীকাৰ কৰিলে কিয় হত্যা কৰা হ’ল …

0
19044
প্ৰতিনিধিত্বমূলক চিত্ৰ

পোহৰলৈ আহিল মহানগৰীৰ মাজমজিয়াৰ আবদ্ধ কোঠাৰ হত্যাকাণ্ডৰ প্ৰকৃত ৰহস্য! হত্যাকাৰীয়ে স্বীকাৰ কৰিলে কি হত্যা কৰা হ’ল …

যোৱা ২৩ জানুৱাৰীত মহানগৰীৰ মাজমজিয়াত ফাঁচীবজাৰৰ হোটেল ৰাজহংসত দিনদুপৰতে উদ্ধাৰ হৈছিল মহিলাৰ মৃতদেহ৷ আৰক্ষীয়ে এয়া হত্যাকাণ্ড বুলি দেখিয়েই বুজি পাইছিল আৰু আৰম্ভ কৰিছিল তদন্ত।

আৰক্ষীয়ে জনোৱা অনুসৰি, হত্যাকাণ্ডটো ভুক্তভোগী মহিলাগৰাকীৰ আচল নাম আছিল আমিষা খাটুন। বিভিন্ন ফোন নম্বৰ ব্যৱহাৰ কৰিছিল হত্যাকাণ্ডৰ মুল অভিযুক্ত ফাইজুদ্দিনে,

ফোন কলৰ অনুসন্ধান চলায়ে কোচবিহাৰৰ এখন হোটেল পৰা গ্ৰেপ্তাৰ কৰিছে অভিযুক্তক। অভিযুক্তৰ জনোৱা অনুসৰি, অৰ্থনৈতিক সংঘাতৰ বাবেই সংঘটিত হৈছিল ঘটনাটো

হোটেলত ৰূম ভাৰালৈ লওঁতে পতি পত্নীৰ চিনাকী দিছিল হোটেল কৰ্তৃপক্ষক। পতি-পত্নীৰ সম্পৰ্ক নাছিল তেওঁলোকৰ, ফাইজুদ্দিনৰ টকাৰ বাবেই সংঘাত হৈছিল দুয়োৰে মাজত৷ ঠেলা মাৰোতে পকাত খুন্দা খাই মৃত্যু হৈছিল আমিষা খাতুনৰ

মৃত্যু হোৱাৰ পূৰ্বেই সেই স্থানৰ পৰা পলাইন কৰিছিল ফাইজুদ্দিনেদুদিন ধৰি হোটেলৰ কক্ষটো বাহিৰৰ পৰা তলা লগাই ৰখা দেখি হোটেলৰ দ্বিতীয় ছাবিৰে ৰুমটো খুলিছিল কৰ্মচাৰীয়ে৷

আৰক্ষীৰ সঠিক তদন্তত পোহৰলৈ আহিছিল ফাইজুদ্দিনে হত্যা কৰিছিল মহিলাগৰাকীক। ইতিমধ্যে দেওবাৰে পশ্চিমবংগ আৰক্ষীৰ সহযোগত মহানগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ফাইজুদ্দিনক৷