কেবিনেটৰ সিদ্ধান্ত! ৰাজ্যত অনিয়মিয়া হৈ থকা শিক্ষকসকলৰ চাকৰি এদিনতে হ’ব নিয়মিয়াকৰণ, কিন্তু কেনেকৈ হ’ব নিয়মিয়াকৰণ জানি লওক…

0
381

কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত! ৰাজ্যত অনিয়মিয়া হৈ থকা শিক্ষকসকলৰ চাকৰি এদিনতে হ’ব নিয়মিয়াকৰণ, কিন্তু কেনেকৈ হব নিয়মিয়াকৰণ জানি লওঁক…

কেবিনেটৰ বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয়, ৰাজ্যৰ শিক্ষকসমাজলৈ এক সুখবৰ লৈ আহিছে কেবিনেটৰ সিদ্ধান্তয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ে উল্লেখ কৰে যে, যিকেইখন বিদ্যালয়ে ২ বছৰ ধৰি গুণোৎসৱত A+ গ্ৰেড পাব সেইকেইখন বিদ্যালয়ৰ অনিয়মিয়া হৈ থকা শিক্ষকক নিয়মিয়াকৰণ কৰা হ’ব।

অৱশেষত টেট শিক্ষকৰ আন্দোলন যেন মুখ্যমন্ত্ৰীৰ দৃষ্টি আক্ৰৰ্শন হৈছে। এক যেন সুযোগ দান কৰিছে অনিয়মিয়া হৈ থকা শিক্ষক সকলৰ কাৰণে। এতিয়া তেওঁলোকৰ নিজৰ বত্তিতো নিয়মিয়াকৰণ কৰাতো যেন তেওঁলোকৰ নিজৰ হাততে আছে।

ইমান দিনৰ কঠোৰ পৰিশ্ৰমৰ যেন এটা আশা মেলিছে। গুণোৎসৱ অৰ্থাৎ ই হৈছে শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীসকলক ভাল কাম কৰিবলৈ তথা সেই কামসমূহ প্ৰদৰ্শন কৰিবলৈ অনুপ্ৰাণিত কৰাৰ উদ্দেশ্যে কৰা এক বিশেষ অভিযান।

প্ৰাথমিক পৰ্যায়ত ছাত্ৰ-ছাত্ৰীৰ শিক্ষণ স্তৰৰ উন্নতি অনাৰ বাবে শৈক্ষিক খণ্ডত ৰাজ্যৰ গুণগত মান বৃদ্ধিৰ এক পদক্ষেপ। এই গুণোৎসৱত যিসমূহ বিদ্যালয়ে ২ বছৰ ধৰি A+ গ্ৰেড পাব সেইসমূহ বিদ্যালয়ৰ অনিয়মিয়া হৈ থকা শিক্ষকক নিয়মিয়াকৰণ কৰা হ’ব।