
দুধনৈৰ সৌৰভ ছাৰৰ কাণ্ড! নিশা নৱম শ্ৰেণীৰ ছাত্ৰীক অশালীন মেছেজ আৰু ফটো প্ৰেৰণ কৰে ছাৰে! তাৰ পিছতে ছাৰক উত্তম মাধ্যম অভিভাৱকৰ…
দুধনৈৰ বাখ্ৰাখুঁটি থকা ছেইণ্ট পিটাৰ্ছ নেচনেল একাডেমীৰ এজন শিক্ষকৰ লজ্জাজনক কাণ্ড! ছাত্ৰীক WhatsAppত অশালীন মেছেজ আৰু ফটো প্ৰেৰণৰ অভিযোগ কৰা হৈছে এজন শিক্ষকৰ বিৰুদ্ধে। এই ঘটনাক লৈ এতিয়া সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ।
অভিযোগ অনুসৰি, বিদ্যালয়খনৰ এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰীক WhatsAppত নিশা অশালীন মেছেজ আৰু ফটো প্ৰেৰণ কৰে সৌৰভ ওজা নামৰ উত্তৰ প্ৰদেশৰ এই শিক্ষকজনে। বিনামূলীয়াকৈ টিউচন লোৱাৰ সুযোগো প্ৰদান কৰে ছাত্ৰীগৰাকীক।
অশালীন ইংগিতেৰে ছাত্ৰীগৰাকীক লাইব্ৰেৰীলৈ মাতি পঠিওৱাৰ অভিযোগো উত্থাপিত কৰা হৈছে শিক্ষকজনৰ বিৰুদ্ধে। নিশা শিক্ষকজনৰ মেছেজ, ফটো দেখি ছাত্ৰীগৰাকীয়ে সকলো কথা পিতৃ–মাতৃক অৱগত কৰে। তাৰ পিছতে অভিভাকে স্কুল কৰ্তৃপক্ষক এই বিষয়ে অৱগত কৰে।
অভিযোগ দিয়াৰ পিছতো বিদ্যালয় কৰ্তৃপক্ষই শিক্ষকজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ তুলি একাংশ অভিভাৱকে বিদ্যালয়ত উপস্থিত হৈ শিক্ষকজনক বিচাৰি হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে।