26.8 C
Guwahati
Tuesday, July 27, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    বিৰল, জন্ম পালে ৰাজ্যৰ ভিতৰতে সৰ্বাধিক ওজনৰ শিশু, চিকিৎসক হতভম্ব

    বিৰল, জন্ম পালে ৰাজ্যৰ ভিতৰতে সৰ্বাধিক ওজনৰ শিশু, চিকিৎসক হতভম্ব

    বিৰল, জন্ম পালে ৰাজ্যৰ ভিতৰতে সৰ্বাধিক ওজনৰ শিশু, চিকিৎসক হতভম্ব। চিকিৎসক কেৰিয়াত আজি লৈকে নেদেখা ঘটনা দেখি সকলো আচৰিত। লগতে দুয়ো মাতৃ আৰু শিশু সম্পূৰ্ণ সুস্থ বুলি জনাইছে চিকিৎসকে।

    শিলচৰ চিভিল হাস্পতালত জন্ম পাইছে এই শিশুটি। শিশুটিৰ ওজন ৫ কেজি ২০০ গ্ৰাম ৷ ১৭ জুন বৃহস্পতিবাৰ দুপৰীয়া চহৰৰ কনকপুৰ অঞ্চলৰ বাসিন্দা জয়া দাস নামৰ এগাৰকী মহিলাই জন্ম দিয়ে এই শিশুটি ৷

    চিজাৰিয়ান পদ্ধতিৰে ডাঃ আফচৰ আলমৰ তত্ত্বাৱধানত জন্ম হৈছে এই বিৰল শিশুটিৰ ৷ ডাঃ আফচাৰ আলমে কয় যে, অসমত জন্ম হোৱা শিশুৰ সাধাৰণতে গড় ওজন ২.৫ পৰা ৩ কেজিলৈ থাকে৷ তাৰে মাজত কেতিয়াবা ৪ কেজি ওজনৰো শিশুৰ জন্ম হয়৷

    পিছে সেই ক্ষেত্ৰত ৫ কেজি ২০০ গ্ৰাম ওজনৰ এই শিশু বিৰল ৷ ডাক্তৰ আফচৰ আলমে আৰু কয় যে জয়া দাসৰ এয়া দ্বিতীয়টো সন্তান ৷ তেওঁৰ প্ৰথম সন্তানৰ ওজন আছিলে ৩ কেজি ৮০০ গ্ৰাম ৷

    এই ক্ষেত্ৰত চিকিৎসককে কয় যে, সাধাৰণত প্ৰসূতি মাতৃ ডায়বেটিছ ৰোগী হলে সন্তানৰ ওজন এনেদৰে বৃদ্ধি পায় ৷ কিন্ত এই ক্ষেত্ৰত দেখা গৈছে যে মাতৃ জয়া দাস ডায়বেটিছ ৰোগী নহয় ৷

    Input and Photo- Yasin Majumdar

    আৰু পঢ়ক : মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ বাবে গঠন কৰা হ’ল দুখন কমিটি

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং