এখন ব্যতিক্ৰমী বিয়া,কইনা নিবলৈ দৰা বিলাসী বাহনত নহয় আহিল হাতীত…

0
325

এখন ব্যতিক্ৰমী বিয়া,কইনা নিবলৈ দৰা বিলাসী বাহনত নহয় আহিল হাতীত…

আপুনি হয়টো জীৱনত বহু বিয়া দেখিছে বা বহু বিয়াত আমন্ত্ৰনো কৰিছে। কিন্তু এনে বিয়া হয়টো বহুত কমেই দেখিছে আপুনি। এখন বিয়া , আৰু সেই ব্যতিক্ৰমী বিয়াই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ।

বিয়া খন অনুস্থিত হৈছে নগাঁৱৰ জাজৰিত । দৰাচলতে জাজৰিত এখন বিয়া অনুস্থিত হৈছে। বিয়াখনত দৰাই কইনাৰ ঘৰলৈ কোনো বিলাসী বাহনত যোৱা নাই। হাতীৰ পিঠিত উঠি কইনা নিবলৈ আহিল দৰা ।

জাজৰিৰ ছোট মণিপুৰৰ ইয়াচিন ছাহ আলম নামৰ এজন যুৱকে দৰা সাজত হাতীত উঠি উপস্থিত হ’ল কইনা ঘৰত। আগে আগে দৰা পিছে পিছে খোজ কাঢ়ি আগবাঢ়িছে বৰযাত্ৰী।

পেট্রল ডিজেলৰ মূল্য বৃদ্ধি আৰু অতীজৰ পৰম্পৰা জীয়াই ৰখাৰ চেষ্টা কৰি এই পদক্ষেপ হাতত লৈছে।

Input and photo- হেমেন ৰাজা