অসম চৰকাৰে কৰ্মচাৰীসকললৈ আগবঢ়াইছে এক বিশেষ উপহাৰ! অহা সপ্তাহতে লাভ কৰিব এই উপহাৰ, এতিয়াই কৰক আৱেদন…

0
396
পিতিনিধিত্বমূলক চিত্ৰ

অসম চৰকাৰে কৰ্মচাৰীসকললৈ আগবঢ়াইছে এক বিশেষ উপহাৰ! অহা সপ্তাহতে লাভ কৰিব এই উপহাৰ, এতিয়াই কৰক আৱেদন…

ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে ভাল খবৰ। ফেব্ৰুৱাৰীৰ দ্বিতীয়টো সপ্তাহত লাভ কৰিব ৪ দিনৰ ছুটি। অসম চৰকাৰে কৰ্মচাৰীসকললৈ আগবঢ়াইছে এক বিশেষ উপহাৰ।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত বহা কেবিনেট বৈঠকৰ এক গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ ফচল আছিল ‘মাতৃ-পিতৃ বন্দনা আঁচনি’। ৰাজ্য চৰকাৰৰ সকলো কৰ্মচাৰীৰ বাবে কৰা এই ‘মাতৃ-পিতৃ বন্দনা আঁচনি’ৰ অধীনত সকলো কৰ্মচাৰীকে ফেব্ৰুৱাৰী মাহত দুটা দিন বাধ্যতামূলক ছুটি দিয়াৰ নিয়ম আছিল।

এই সংক্ৰান্তত দিছপুৰস্থিত সাধাৰণ প্ৰশাসনিক বিভাগৰ পৰা অসম চৰকাৰৰ আয়ুক্ত সচিব এম এছ মণিভন্ননৰ দ্বাৰা স্বাক্ষৰিত এক নিৰ্দেশনা প্ৰকাশ পাইছিল। ২৮ নৱেম্বৰ ২০২২ ত প্ৰকাশিত উক্ত নিৰ্দেশনা অনুসৰি ফেব্ৰুৱাৰী মাহৰ ৯ আৰু ১০ তাৰিখে ‘মাতৃ-পিতৃ বন্দনা আঁচনি’ৰ অধীনত ৰাজ্যিক কৰ্মচাৰীসকলে বন্ধ লাভ কৰিব।

উক্ত দুয়োটা দিনত কৰ্মচাৰীসকলে মাতৃ-পিতৃৰ সৈতে সময় পাৰ কৰিব পাৰিব। আনহাতে ১১ ফেব্ৰুৱাৰী দ্বিতীয় শনিবাৰ আৰু ১২ ফেব্ৰুৱাৰী দেওবাৰ হোৱাৰ বাবে সকলো কাৰ্যালয় বন্ধ থাকিব।

সেয়েহে কৰ্মচাৰীসকলে ‘মাতৃ-পিতৃ বন্দনা আঁচনি’ৰ অধীনত ৯ আৰু ১০ ফেব্ৰুৱাৰীত ২ দিন আৰু ১১ ত দ্বিতীয় শনিবাৰ আৰু ১২ ত দেওবাৰ মিলাই মুঠ ৪ দিন একেলগে বন্ধ লাভ কৰিব।

উল্লেখ্য যে, এই সুবিধা ল’বৰ বাবে কৰ্মচাৰীসকলে ৰাজ্য চৰকাৰৰ প’ৰ্টেল https://matripitrivandana.assam.gov.in ৰ জৰিয়তে আৱেদন কৰিব লাগিব।