
নিউজিলেণ্ডৰ বিৰুদ্ধে তৃতীয় তথা নিৰ্ণায়ক টি-২০ মেচখনত শুভমন গিলে ১২৬ ৰানৰ এক বিস্ফোৰক ইনিংছ খেলি বিৰাট কোহলীৰ নামত থকা ১২২ ৰানৰ অভিলেখ ভংগ কৰিবলৈ সক্ষম হয়।
যোৱা বছৰ আফগানিস্তানৰ বিৰুদ্ধে টি-২০ মেচত কোহলীয়ে অপৰাজিত ১২২ ৰানৰ ইনিংছ খেলিছিল। এতিয়া টি-২০ আন্তঃৰাষ্ট্ৰীয়ত ভাৰতৰ হৈ সৰ্ববৃহৎ ইনিংছ খেলা বেটছমেন হিচাপে পৰিগণিত হৈছে গিল।
গিলৰ বিধ্বংসী ইনিংছে কেৱল অনুৰাগীৰ হৃদয় জয় কৰাই নহয় কোহলীয়েও তেওঁৰ এই বিশেষ ইনিংছক যথেষ্ট প্ৰশংসা কৰা দেখা যায়।
আচলতে, কোহলীয়ে নিজৰ ইনষ্টাগ্ৰামত গিলৰ সৈতে এখন ফটো শ্বেয়াৰ কৰি কেপশ্যনত গিলক ভাৰতীয় ক্ৰিকেটৰ ভৱিষ্যত বুলি অভিহিত কৰিছে।
ইফালে যুৱৰাজ সিঙেও গিলক লৈ টুইট কৰি তেওঁৰ দৰ্শনীয় শতকৰ বাবে অভিনন্দন জনায়। পোষ্টটো শ্বেয়াৰ কৰি লিখিছে, ‘তেওঁ আকৌ এবাৰ কৰি দেখুৱালে, পুনৰ এবাৰ আশ্বৰ্যকৰ মেচ বিজয়ী ইনিংছ’।
ইয়াৰ উপৰি শচীন তেণ্ডুলকাৰেও টুইট কৰি ভাৰতীয় দলক অভিনন্দন জনাই টুইটত লিখিছে, ‘শৃংখলা জয়ৰ বাবে অভিনন্দন টিম ইণ্ডিয়া, বহুদিনৰ মূৰত ষ্টেডিয়ামলৈ আহি ভাৰতৰ খেল উপভোগ কৰি ভাল লাগিল। এইটো দৰ্শনীয় শতক আছিল, শুভমন গিল, তাৰ পিছত হাৰ্ডিকৰ অল ৰাউণ্ড খেল। সকলোৱে সুন্দৰ খেল দেখুৱালে, এইদৰে আগবাঢ়ি যোৱা..’।
উল্লেখ্য যে, ভাৰতে নিউজিলেণ্ডক তৃতীয় তথা নিৰ্ণায়ক চি-২০ মেচখনত ১৬৮ ৰানৰ বিশাল ব্যৱধানত পৰাস্ত কৰি ২-১ত শৃংখলা দখল কৰে।
ভাৰতে প্ৰথমে বেট ধৰি মূলতঃ শুভমন গিলৰ ৬৩টা বলত বিস্ফোৰক ১২৬ ৰানৰ সহায়ত নিউজিলেণ্ডক ২৩৫ ৰানৰ বিশাল লক্ষ্য বান্ধি দিয়ে। ইয়াৰ প্ৰত্যুত্তৰত নিউজিলেণ্ড দলে মাত্ৰ ৬৬ ৰানতে আটাইকেইটা উইকেট হেৰুৱাই শোচনীয়ভাৱে পৰাস্ত হয়।
ভাৰতৰ হৈ হাৰ্দিক পাণ্ডিয়াই ১৬ ৰানত চাৰিটা উইকেট দখল কৰে।