
মৰ্মান্তিক! বিবাহ ভৱনত সম্পন্ন হৈ আছিল কন্যাৰ বিয়া, হঠাৎ অগ্নিকাণ্ডই প্ৰাণ কাঢ়ি লৈ গ’ল মাতৃ-ভাতৃ-পেহীয়েক-ককাকৰ…
মঙলবাৰ আছিল বিয়া! এপাৰ্টমেণ্টৰ পৰা মাত্ৰ কিছু নিলগৰ বিবাহ ভৱনত সম্পন্ন হৈছিল কন্যাৰ বিবাহ!
বিয়ালৈ বুলি সাজু হৈছিল কইনাৰ মাতৃ, ককায়েক, ককাক, পেহীয়েকৰ লগতে পৰিয়ালৰ কেইবাজনো সদস্য। কিন্তু সেই সময়তে সংঘটিত হয় মৰ্মান্তিক ঘটনাটো।
এপাৰ্টমেণ্টত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডত জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যুক সাৱটি লয় বিয়াৰ কইনাৰ মাতৃ, ভাতৃসহ পৰিয়ালৰ কেইবাজনো সদস্য।
এই মৰ্মান্তিক ঘটনাৰ স্থান ঝাৰখণ্ডৰ ধনবাদ মঙলবাৰে সন্ধিয়া ধনবাদৰ আশীৰ্বাদ এপাৰ্টমেণ্টত সংঘটিত বিধ্বংসী অগ্নিকাণ্ডত জাহ যায় একেটা পৰিয়ালৰে কেইবাজনো সদস্য।
বাতৰি অনুসৰি, আশীৰ্বাদ এপাৰ্টমেণ্টৰ চতুৰ্থ মহলাৰ নিৱাসী সুবোধ শ্ৰীবাস্তৱৰ কন্যা পূজাৰ বিয়া আছিল মঙলবাৰে।
কিন্তু সেই সময়তে এপাৰ্টমেণ্টৰ দ্বিতীয় মহলাত সংঘটিত অগ্নিকাণ্ডই নিমিষতে চতুৰ্থ মহলাও ঘেৰি ধৰাত ফ্লেটৰ ভিতৰতে আৱদ্ধ হৈ পৰে সকলোবোৰ।যাৰ ফলত অগ্নিদগ্ধ হৈ আৰু শ্বাসৰুদ্ধ হৈ মৃত্যুক সাৱটি লয় ৯ গৰাকী মহিলা আৰু ৩টি শিশুসহ ১৪ জনকৈ লোকে।