কু-কৰ্মৰ পিছত হত্যা কৰা হৈছিল নিম্ৰিতা চন্দানীক, অন্তিম মৰণোত্তৰ পৰীক্ষাৰ ৰিপ’ৰ্টত ফাদিল

নিম্ৰিতাৰ মৃতদেহ ১৬ ছেপ্টেম্বৰৰ পুৱা হোষ্টেলৰ ৰূমৰ পৰা উদ্ধাৰ কৰা হৈছিল। ডিঙিত এডাল ৰচী বন্ধা আছিল

0
14233
Photo credit: gulfnews.com

পাকিস্তানত হিন্দু সম্প্ৰদায়ৰ ডেণ্টেল কলেজৰ ছাত্ৰী নিম্ৰিতা চন্দানীৰ হত্যা কৰা হৈছিল। অন্তিমখন মৰণোত্তৰ পৰীক্ষাৰ ৰিপ’ৰ্টত ফাদিল হৈছে যে হত্যাৰ পূৰ্বে নিম্ৰিতাৰ সৈতে কু-কৰ্ম কৰা হৈছিল। নিম্ৰিতাৰ মৃতদেহ ১৬ ছেপ্টেম্বৰৰ পুৱা হোষ্টেলৰ ৰূমৰ পৰা উদ্ধাৰ কৰা হৈছিল। ডিঙিত এডাল ৰচী বন্ধা আছিল।

নিম্ৰিতাৰ ভাতৃ বিশাল নিজেই এজন বিখ্যাত চাৰ্জন। তেওঁ মৃতদেহ দেখিয়েই কৈছিল যে, এয়া আত্মহত্যা নহয় হত্যাহে। লৰকানাৰ বিবি আছিফা ডেণ্টেল কলেজৰ মেনেজমেণ্টে এয়া আত্মহত্যা বুলি কৈছিল।

মেডিকেল কলেজে জাৰি কৰিলে Autopsy ৰিপৰ্ট
বুধবাৰে নিম্ৰিতাৰ ফাইনেল Autopsy ৰিপৰ্ট চান্দকা মেডিকেল কলেজ হাস্পতালে জাৰি কৰিলে। ছচিয়েল মিডিয়াত ভাইৰেল হোৱা এই ৰিপৰ্টত কোৱা হৈছে যে নিম্ৰিতাক হত্যাৰ পূৰ্বে ধৰ্ষণ কৰা হৈছিল। পিছত তাইৰ ডিঙি চেপি হত্যা কৰা হৈছিল।

ইয়াৰ পূৰ্বে ৩০ অক্টোবৰত নিম্ৰিতাৰ ডিএনএ ৰিপৰ্ট পোহৰলৈ আহিছিল। আৰক্ষীয়ে কৈছিল যে নিম্ৰিতাৰ শৰীৰত আৰু কাপোৰত পুৰষৰ ডিএনএৰ অংশ পোৱা গৈছিল, এই ৰিপৰ্ট আদালতত দেখুওৱা হৈছিল।