
একমাত্ৰ পুত্ৰৰ জন্মদিনৰ দিনায়ে পিতৃৰ অকাল মৃত্যু! বন্যহস্তীৰ আক্ৰমণত প্ৰাণ হেৰুৱাবলগীয়া হ’ল এগৰাকী অধিবক্তাই…
বন্যহস্তীৰ আক্ৰমণত প্ৰাণ হেৰুওৱা লোকজনক চৰকাৰী অধিবক্তা তথা শিল্পী দিলীপ কুমাৰ নাথ (৫৮) বুলি চিনাক্ত কৰা হৈছে।জানিব পৰা মতে, শনিবাৰে দিলীপ কুমাৰ নাথৰ একমাত্ৰ পুত্ৰৰ জন্মদিন আছিল।সেই উপলক্ষ্যে তেওঁলোকৰ বীৰকুছিৰ ঘৰত আয়োজন কৰা হৈছিল এক জন্মদিনৰ পাৰ্টী।
এই পাৰ্টীত খাদ্য প্ৰস্তুতৰ বাবে চন্দ্ৰপুৰৰ ঠাকুৰকুছিৰ কাংমাই নামৰ ৰিজৰ্টখনৰ তিনিগৰাকী ৰান্ধনীক তেওঁ মাতি নিছিল। নিশা পাৰ্টী শেষ হোৱাৰ পিছত ৰান্ধনী কেইগৰাকী থবলৈ আহে দিলীপ কুমাৰ নাথে।
গাড়ীৰে তেওঁ ৰান্ধনী কেইগৰাকীৰ সৈতে গৈ নিশা প্ৰায় ১২.৩০ বজাত গৈ থকা সময়তে হঠাৎ খামব্ৰেঙা বিলৰ পাৰত বন্যহস্তীৰ এটা জাকে খেদি আহে তেওঁলোকক। হাতীৰ জাকটোৰ ভয়ত তেওঁলোকে গাড়ীৰ লাইট নুমুৱাই নামি কিছুদূৰ পিছুৱায় যায় যদিও পিছফালেও ৰৈ আছিল দুটা প্ৰকাণ্ড দতাল হাতী।
যাৰ বাবে ৰান্ধনী কেইজনে গাড়ীৰ পৰা নামি দৌৰি গৈ কাষৰ এটা কালভাৰ্টৰ তলত আশ্ৰয় লয়। ৰান্ধনী কেইজনৰ পিছে পিছে অধিবক্তাগৰাকীয়েও গাড়ীৰ পৰা নামি আহে যদিও সেই সময়তে এটা দঁতাল হাতীয়ে আক্ৰমণ কৰে তেওঁক।
যাৰ ফলত থিতাতে মৃত্যু ঘটে অধিবক্তা দিলীপ কুমাৰ নাথৰ। পিছত মৃত অধিবক্তাগৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰি পৰিয়ালক চমজাই দিয়ে আৰক্ষীয়ে।