ভয়ংকৰ ঘটনা ! বনভোজৰ মাজতে বনভোজস্থলীলৈ পাহাৰৰ পৰা নামি আহিল প্ৰকাণ্ড হাতী

0
230

ভয়ংকৰ ঘটনা ! বনভোজৰ মাজতে বনভোজস্থলীলৈ পাহাৰৰ পৰা নামি আহিল প্ৰকাণ্ড হাতী

নবেম্বৰ মাহ অহাৰ লগে লগে ৰাজ্যৰ বিভিন্ন বনভোজস্থলী সমূহলৈ মানুহৰ সোঁত বৈছে |

ওদালগুৰিৰ ভৈৰৱকুণ্ড বনভোজস্থলীটো বিভিন্ন ঠাইৰ পৰা বনভোজ খাবলৈ লোক সকল গৈছে।

নৱেম্বৰত মাহৰ মাজভাগৰ পৰাই ভৈৰৱকুণ্ডলৈ বনভোজকাৰী দলৰ আগমণ ঘটিছে |

ইয়াৰ মাজতে দেওবাৰে ভৈৰৱকুণ্ডত হঠাৎ এক ভয়ংকৰ ঘটনা সংঘটিত হয়।

বনভোজস্থলীত লোক সকলে আনন্দত মতলীয়া হৈ থকাৰ মাজতে পাহাৰৰ পৰা নামি আহিল এটা প্ৰকাণ্ড হাতী।

লগে লগে তাত থকা লোক সকলৰ মাজত হুৱাদুৱা পৰিৱেশৰ সৃষ্টি হয়।

একাংশ‌ই ভয়তে তাৰ পৰা পলাবলৈ ধৰে। কিন্তু অলপ সময়ৰ পাছত বনভোজস্থলীত থকা লাউডস্পীকাৰ তথা মানুহৰ বাবে হাতীটো পুনৰ পাহাৰলৈ উঠি যায় ।

অৱশ্যে ঘটনাক লৈ কোনো লোক হতাহত হোৱা নাই |