মুছলমান আছে কিন্তু মছজিদ বনোৱাৰ অনুমতি নাই বিশ্বৰ দুখন দেশত

0
141
প্ৰতিনিধিত্বমূলক চিত্ৰ

ইছলাম বিশ্বৰ দ্বিতীয় বৃহত্তম ধৰ্ম। ২০২২ চনৰ তথ্য অনুসৰি বিশ্বৰ মুঠ জনসংখ্যাৰ ২৫ শতাংশ মুছলমান। প্ৰায় ১.৯৭ বিলিয়ন লোকে ইছলাম ধৰ্মক বিশ্বাস কৰে।

কিন্তু পৃথিৱীত এনে দুখন দেশ আছে, য’ত মুছলমানে বাস কৰে যদিও নাই মছজিদ। মছজিদ নিৰ্মাণৰ অনুমতি নাই এই দুখন দেশত।

বছৰ বছৰ ধৰি এই দেশসমূহত বসবাস কৰা মুছলমানসকলে মছজিদ নিৰ্মাণৰ দাবী জনাই আহিছে যদিও চৰকাৰে অনুমতি দিয়া নাই। দেশ দুখনত মুছলমানৰ জনসংখ্যাও কম আৰু তেওঁলোকে সাংস্কৃতিক কেন্দ্ৰ বা ফ্লেটত নামাজ পঢ়ে।

এই দেশ দুখন হৈছে শ্লোভাকিয়া আৰু ইষ্ট’নিয়া।

ইষ্ট’নিয়া

২০১১ চনৰ লোকপিয়ল অনুসৰি ইয়াত মুঠ ১৫০৮ জন মুছলমান লোক বাস কৰে। মুঠ জনসংখ্যাৰ ০.১৪ শতাংশ। অৱশ্যে এই জনসংখ্যা বৃদ্ধি পাইছে যদিও সংখ্যা বহুত কম।

ইষ্ট’নিয়াত কোনো মছজিদ নাই। ইছলামিক কেন্দ্ৰত মুছলমান লোক গোট খাই নামাজ পঢ়ে। ইয়াত চুন্নী আৰু ছিয়া সম্প্ৰদায়ৰ লোকসকলে সাধাৰণ ফ্লেটত একত্ৰিত হৈ নামাজ আগবঢ়ায়। ইয়াত মুছলমানসকলক মধ্যপন্থী বুলি গণ্য কৰা হয়।

জানিবলগীয়া যে, ১৯৪০ চনৰ আশে-পাশে ইষ্ট’নিয়া ছোভিয়েট ইউনিয়নত একত্ৰিত হৈছিল। ১৯৯১ চনত ভাঙি যোৱাৰ সময়ত ই নিজকে সুকীয়া দেশ বুলি ঘোষণা কৰিছিল। ইষ্ট’নিয়া এতিয়া ইউৰোপীয় সংঘৰ সদস্য।

শ্লোভাকিয়া

আনহাতে ২০১০ চনত শ্লোভাকিয়াত মুছলমানৰ জনসংখ্যা আছিল প্ৰায় ৫ হাজাৰ। মানে মুঠ জনসংখ্যাৰ ০.১ শতাংশ। কিন্ত এতিয়ালৈকে এইখন দেশত মছজিদ স্থাপনৰ অনুমতি দিয়া হোৱা নাই।

সপ্তদশ শতিকাৰ আশে-পাশে ইয়ালৈ অহা মুছলমানসকল আছিল উইঘুৰ বা তুৰ্ক। এই দেশৰ মধ্য আৰু দক্ষিণ অংশত তেওঁলোকে বসতি স্থাপন কৰিছিল।

২০১০ চনতো ইয়াত ইছলামিক কেন্দ্ৰ স্থাপনক লৈ বহু বিতৰ্ক হৈছিল। ২০১৬ চনত শ্লোভাকিয়াই এখন আইন প্ৰণয়ন কৰিছিল, য’ত কোৱা হৈছিল যে এই দেশত ইছলামক কেতিয়াও ধৰ্ম হিচাপে গ্ৰহণ কৰা নহ’ব।