অসম আৰক্ষীক নীতিশিক্ষা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ; মিডিয়াৰ সন্মুখত নাটক কৰিব নালাগে এনে আচৰণে আৰক্ষীৰ ভাৱমূৰ্তি পাতল কৰি তোলে…

0
93
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ফাইল ফটো।

অসম আৰক্ষীক নীতিশিক্ষা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ, মিডিয়াৰ সন্মুখত নাটক কৰিব নালাগে এনে আচৰণে আৰক্ষীৰ ভাৱমূৰ্তি পাতল কৰি তোলে…

পুনৰ অসম আৰক্ষীক নীতিশিক্ষা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। সুৰাপায়ীৰ বিৰুদ্ধে কঠোৰ হোৱা আৰক্ষীক লৈ নীতিশিক্ষা প্ৰদান কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

সুৰাপায়ীক ধৰি টিভিৰ সন্মুখত আৰক্ষীয়ে নাটক কৰিব নালাগে বুলি মন্তব্য প্ৰকাশ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ে। সুৰাপায়ীক ধৰি চিধাই জে’লত ভৰাই দিব লাগে।

এনে নকৰি মিডিয়াক মাতিলে নাটক কৰা যেনহে লাগে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰক্ষীৰ এনে আচৰণে আৰক্ষীৰ ভাৱমূৰ্তি পাতল কৰি তোলে বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ে।

তেওঁ ইয়াকো উল্লেখ কৰে যে, পূৰ্বে কোনোবাই আৰক্ষীক বেয়াকৈ ক’লে চিধাই জে’ললৈ যাব লাগিছিল। কিন্তু আজিকালি তেনে কিবা হ’লে আগেয়ে মিডিয়াক মাতে। সুৰাপায়ীৰ সৈতে আৰক্ষীয়ে সুৰাপায়ীৰ দৰেই ব্যৱহাৰ কৰিব লাগে বুলিও মন্তব্য মুখ্যমন্ত্ৰীৰ।