বাজেটক ঐতিহাসিক আখ্যা হিমন্ত বিশ্ব শৰ্মাৰ! সমাজৰ সকলো শ্ৰেণীৰ ওপৰত এই বাজেটে ইতিবাচক নে প্ৰভাৱ নেতিবাচক পেলাব বুলি কয় মুখ্যমন্ত্ৰীগৰাকীয়ে…

0
122

বাজেটক ঐতিহাসিক আখ্যা হিমন্ত বিশ্ব শৰ্মাৰ! সমাজৰ সকলো শ্ৰেণীৰ ওপৰত এই বাজেটে ইতিবাচক নে প্ৰভাৱ নেতিবাচক পেলাব বুলি কয় মুখ্যমন্ত্ৰীগৰাকীয়ে…

বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণেৰ দ্বাৰা উপস্থাপন কৰা বাজেটক ঐতিহাসিক আখ্যা দিয়ে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

লগতে এই বাজেটে অৰ্থনৈতিক বুনিয়াদ শক্তিশালী কৰিব বুলিও কয় মুখ্যমন্ত্ৰীগৰাকীয়ে। ইয়াৰ লগতে মূলধন বিনিয়োগক উৎসাহিত কৰাৰ ক্ষেত্ৰত ৰাজ্যসমূহক অধিক বিত্তীয় স্বায়ত্তশাসন প্ৰদান কৰাৰ বাবে তেওঁ বিত্ত মন্ত্ৰীগৰাকীক ধন্যবাদ জ্ঞাপন কৰে।

বাজেটে পিএম বিকাশ, National Apprentice Programme, প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনা ৪.০ আৰু ডিজিটেল অৰ্থনীতি আৰু সেউজ অৰ্থনীতিক উৎসাহিত কৰাৰ ক্ষেত্ৰত ব্যাপক বিনিয়োগৰ জৰিয়তে নতুন চাকৰিৰ সুযোগ সৃষ্টি কৰাত সহায় কৰিব বুলিও তেওঁ কয়।

ইনফ্ৰাত ১৩ লাখ কোটি অভিলেখ আৱণ্টনে অৰ্থনীতিক ব্যাপকভাৱে বৃদ্ধি কৰিব বুলিও উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে।