জানেনে দেশৰ প্ৰথম মহিলা গুপ্তচৰ নীৰাক, কাৰাবাসত থকাৰ সময়ত জেইলৰে জীৱন্তে কাটি পেলাইছিল বক্ষযুগল

0
7421

জানেনে দেশৰ প্ৰথম মহিলা গুপ্তচৰ নীৰাক, কাৰাবাসত থকাৰ সময়ত জেইলৰে জীৱন্তে কাটি পেলাইছিল বক্ষযুগল

দেশ ৰক্ষাৰ বাবে এক এনে সময় আহি পৰিছিল, যি সময়ত পুৰুষৰ সমানে ৰক্ষণশীল সমাজৰ শিকলি চিঙি ওলাই আহিছিল যুৱতী-মহিলাসকলো। অসমৰ কনকলতা আদিৰ দৰে দেশৰ ভিন্ন প্ৰান্তত মহিলাই দলে বলে যোগ দিছিল স্বাধীনতা আন্দোলনত।

যি সকলৰ ভিতৰত এনে বহুতো বীৰাংগনা আছে যাৰ নাম মহাত্মা গান্ধী, নেতাজী সুভাষ চন্দ্ৰ বসু আদিৰ দৰে উচ্চাৰিত নহলেও কোনোগুণে কম নহয় দেশৰ হকে যুঁজ দিয়াত।

তাৰেই ভিতৰত এগৰাকী এনে বীৰাংগনা আছে যাৰ নাম বহুল ভাৱে প্ৰচলন নহলেও স্বাধীন দেশৰ সকলো নাগৰিকে সেই নাৰীৰ বিষয়ে জনাটো প্ৰয়োজন।

সেই নাৰীগৰাকী হৈছে নীৰা আৰ্য়া। দেশৰ প্ৰথম মহিলা গুপ্তচৰ। কেৱল গুপ্তচৰ হিচাপেই তেখেতৰ পৰিচয় নহয়, দেশৰ হকে এনে কিছুমান সাহসিকতাৰ পৰিচয় দি থৈ গৈছে, যাৰ বিষয়ে শুনিলে গাৰ নোম পৰ্যন্ত শিয়ঁৰি উঠিব। দেশৰ বাবে হত্যা কৰিছিল নিজৰ স্বামীকো, তাৰোপৰি জীৱন্তে হেৰুৱাব লগা হৈছিল নিজৰ বক্ষ।

কোন হয় নীৰা আৰ্য়া

১৯০২ চনৰ ৫ মাৰ্চত উত্তৰ প্ৰদেশৰ বাঘপত জিলাৰ খেকৰাত জন্মগ্ৰহণ কৰা নীৰা আৰ্য়াৰ মাত্ৰ আঠ বছৰ বয়সতে মহামাৰীৰ ফলত মাতৃ লক্ষ্মী দেৱী আৰু পিতৃ মহাবীৰক হেৰুৱাইছিল।

পাছত সৰু ভায়েকৰ সৈতে নীৰাক তুলি লয় এক আৰ্য সমাজে। যাৰ ফলত কলিকতাই হৈ পৰে নীৰাৰ ঠিকনা। শিক্ষাগ্ৰহনো কৰে কলিকতাৰ পৰাই।

কলিকতাতেই এগৰাকী লোকৰ সৈতে বিবাহ পাশতো আৱদ্ধ হয় নীৰা। যি ইংৰাজ সকলৰ হৈ গুপ্তচৰৰ কাম কৰিছিল। বিবাহৰ পাছত জানিব পাৰে যে স্বামীৰ বাবেই কেইবাগৰাকী শীৰ্ষ পৰ্যায়ৰ স্বাধীনতা সেনানী ইংৰাজৰ হাতত ধৰা পৰিছে আৰু কেইবাগৰাকীয়েও প্ৰাণ হেৰুৱাইছে।

তাৰ মাজতে নীৰাই জানিব পাৰে যে, ইংৰাজৰ সৈতে মিলিত হৈ স্বামীয়ে নেতাজী সুভাষ চন্দ্ৰ বসুকো আটক কৰাৰ বাবে কৌশল ৰচনা কৰি আছে। লগে লগে নীৰাই স্বামীৰ ঘৰ এৰি দিল্লীলৈ গুচি যায় আৰু শিক্ষকতা আৰম্ভ কৰে। হেন সময়তে লগ পাই নেতাজীৰ সেনানী গ্ৰুপৰ এজনক।

সেই লোকগৰাকীয়ে নেতাজীৰ আজাদ হিন্দ ফৌজত যোগদানৰ বাবে কোৱাত একেবাৰতে সৈমান হৈ ভাতৃৰ সৈতে যোগদান কৰে দেশ ৰক্ষাৰ যুঁজত। তাৰ পাছতে পশিক্ষণ লৈ পূৰ্ণগতিত নামি পৰে ইংৰাজৰ বিৰুদ্ধে যুদ্ধত।

পাছলৈ নীৰাৰ সাহস আৰু জোৰ দেখি কেপ্টেইন পদলৈ উন্নীত কৰাৰ লগতে নেতাজীৰ সুৰক্ষাৰ দায়িত্বতো নিয়োগ কৰা হয়। তেতিয়াই এদিন আহি পৰে এক নভৱা নিচিন্তা নিশা। নেতাজীৰ সুৰক্ষাৰ দায়িত্ব পালন কৰি থকাৰ সময়তে এদিন নিশা হঠাতে নীৰাৰ স্বামীয়ে হাতত ৰিভলভাৰ লৈ একেবাৰে নেতাজীৰ কাষত আহি উপস্থিত হয় আৰু গুলী কৰি দিয়ে।

সৌভাগ্যক্ৰমে সেই গুলী লাগে নেতাজীৰ চালকৰ শৰীৰতহে। ঘটনাৰ পাছত এটা ক্ষণো নষ্ট নকৰি নীৰাই নিজৰ লগত থকা ৰাইফলটোৰে স্বামীৰ বুকু থকা সৰকা কৰে। স্বামীহন্তাৰ পাপ কৰিয়ো কোনোদিনে নিজকে দোষী বুলি ভবা নাছিল নীৰা আৰ্য়াই। কিয়নো স্বামীতকৈ দেশমাতৃ আছিল আগত।

আহি পৰিছিল সেই ক’লা দিন-

ঘটনাৰ পাছতে ১৯৪৫ চনত আৰক্ষীৰ হাতত দৰা পৰে নীৰা আৰ্য়া। প্ৰথমতে কলিকতাৰ কাৰাবাস, পাছত আন্দমানৰ কুখ্যাত ‘কালাপানী’লৈ স্থানান্তৰ কৰা হয় নীৰাক। সেই কাৰাগাৰত থকাৰ সময়ত অকথ্য নিৰ্যাতনৰ সন্মুখিন হয় নীৰা।

কাৰাগাৰত নাছিল কোনো ধৰণৰ শুবলৈ বা উৰিবলৈ কাপোৰ, খাদ্য আৰু পানী আছিল কেৱল নামত। তাৰোপৰি সেই কালাপানীৰ কাৰাগাৰতে জেইলৰে জীয়াই জীয়াই কাটি পেলাইছিল নীৰা আৰ্য়াৰ বক্ষযুগল।

কিন্তু কোনোমতে প্ৰাণ বচাই অন্য কেইবাগৰাকী স্বাধীনতা সংগ্ৰামীৰ সৈতে সেই কালাপানীৰ পৰা পলাই আহিবলৈ সক্ষম হৈছিল নীৰা। স্বচক্ষে দেখিছিল স্বাধীন ভাৰতৰ সুৰ্যোদয় ।

পাছত বেমাৰত পৰি ১৯৯৮ চনৰ ২৬ জুলাই তাৰিখে এই ধৰাৰ পৰা চিৰ বিদায় মাগে নীৰা আৰ্য়াই। সেই নীৰা আৰ্য়াৰ নামতে বৰ্তমানে দেশত এক ৰাষ্ট্ৰীয় পুৰস্কাৰো প্ৰদান কৰা হয়। কেৰালাত নীৰা আৰ্য়াৰ নামত আছে ৰাজপথো । আছে সেই মহান নাৰীৰ জীৱন গাথাৰ ওপৰত কেইবাখনো কিতাপো।

আৰু পঢ়ক- খাদ্যৰ পেকেটত ওলাল দাঁত, সামাজিক মাধ্য়মত বিয়পি পৰিছে ফটো…