19 C
Guwahati
Saturday, January 15, 2022
More

    দেশ কঁপাই যোৱা নিৰ্ভয়া কাণ্ডৰ দৰে অলৱাৰ কাণ্ডৰ নতুন দিশ, ধৰ্ষণেই হোৱা নাছিল মূকবধিৰ যুৱতীৰ সৈতে!

    দেশ জুৰি তোলপাৰ লগোৱা ৰাজস্থানৰ আলৱাৰৰ মূকবধিৰ যুৱতীৰ ধৰ্ষণ কাণ্ডৰ নতুন দিশ উন্মোচিত। আৰক্ষীয়ে সংবাদ মাধ্যমে যোগে জানিবলৈ দিয়ে যে, মূকবধিৰ যুৱতীৰ সৈতে কোনো ধৰণৰ ধৰ্ষণ কাণ্ড সংঘটিত হোৱাৰ প্ৰমাণ পোৱা নাই, ইয়াক ধৰ্ষণ বুলি কব নোৱাৰি।

    যি আলৱাৰৰ ঘটনাক দিল্লীৰ নিৰ্ভয়া কাণ্ডৰ সদৃশ্য কোৱা হৈছিল সেয়া হেনো এক দুৰ্ঘটনা হব পাৰে। যি ঘটনাৰ পাছত যুৱতী গৰাকীক ৮ ঘণ্টা ধৰি চিকিৎসাৰ অন্তত কোনোমতে প্ৰাণ ৰক্ষা পৰিছিল সেয়া ধৰ্ষণ কাণ্ড নহয় বুলি অভিহিত কৰিছে আৰক্ষীয়ে।

    অস্ত্ৰোপচাৰৰ অন্তত চিকিৎসকে সদৰি কৰিছিল যে, যুৱতীৰ সৈতে পাষৱিকতাৰ সীমা চেৰাই নিৰ্যাতন কৰা হৈছিল। যৌনাংগত কেইবাটাও গভীৰ জখম আছিল যুৱতীৰ।

    কিন্তু কালিৰ সংবাদ মেলত আৰক্ষীয়ে কয় যে, চিচি টিভি ফুটেজ সকল পৰীক্ষা কৰা হৈছে। সেই অনুসৰি ঘটনাৰ ২০ মিনিট পূৰ্বৰ ভিডিঅত দেখা গৈছে মূকবধিৰ যুৱতীগৰাকীয়ে স্বতন্ত্ৰ ভাৱে পথত খোজকাঢ়ি গৈ আছে। তাৰ দৃশ্যাংশও তুলি ধৰে সংবাদ মাধ্যমৰ আগত।

    তেন্তে কেৱল মাত্ৰ ২০ মিনিটতে ইমান ভয়ংকৰ ঘটনা তাকো শেষৰ চিচি টিভি ফুটেজৰ পৰা ২০০ মিটাৰ দূৰত্বত কেনেকৈ সংঘটিত হবলৈ পালে।

    সেয়ে আৰক্ষীয়ে এই ঘটনা কোন দুৰ্ঘটনা বুলি অভিহিত কৰিছে।ধৰ্ষণৰ সলনি দুৰ্ঘটনাৰ ৰূপ আৰক্ষীৰ। আৰক্ষীৰ ভাষ্য কোন বাহনে প্ৰচণ্ড জোৰে খুন্দিওৱাৰ ফলত তেনে এক ঘটনা সংঘটিত হৈছে।কিন্তু বৰ্তমানলৈ ঘটনাৰ সৈতে জড়িত কোনো লোককে আটক কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী। মূকবধিৰ যুৱতীৰ পিতৃ মাতৃৰ ভাষ্য যিকোনো প্ৰকাৰে ন্যায় লাগে।

    আৰু পঢ়ক : মাঘ বিহুৰ নিশাই অঘটন, ঘৰলৈ বুলি গৈ থকা লোকক গুলিয়াই থৈ যায় দুৰ্বৃত্তই

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং