যাত্ৰীবাহী মেজিক আৰু অটোৰ মাজত মুখামুখি সংঘৰ্ষ; থিতাতে নিহত ২জন আৰু আহত কেইবাজনো লোক

0
7713

যাত্ৰীবাহী মেজিক আৰু অটোৰ মাজত মুখামুখি সংঘৰ্ষ; থিতাতে নিহত ২জন আৰু আহত কেইবাজনো লোক ধেমাজিৰ চমৰাজানত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা।

এখন যাত্ৰীবাহী মেজিক আৰু অটোৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত এই দুৰ্ঘনাটোৰ সংঘটিত হয়। ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পানীতোলাত সংঘটিত হয় শোকাৱহ দুৰ্ঘটনাটো।

বুধবাৰে নিশা সংঘটিত দুৰ্ঘটনাটোত থিতাতে নিহত ২ জন লোকলগতে গুৰুতৰভাৱে আহত হৈছে ৭গৰাকী লোকস্থানীয় লোক আৰু আৰক্ষীৰ তৎপৰতাত আহত সকলক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

বৰ্তমনলৈকে আহত আটাইকে ধেমাজি অসামৰিক চিকিৎসালয়ত প্ৰদান কৰি থকা হৈছে চিকিৎসা।আনহাতে, নিহত লোক দুজন মৰাসুঁতিৰ শুভ মোহন কাৰ্দং আৰু হেমন্ত টাইড বুলি জানিব পৰা গৈছে।

নিহত লোক দুজনৰ লগতে আহত বহুকেইজনেই NHPC ত কামৰ বাবে গৈ থকাৰ সময়তে সংঘটিত এই দুৰ্ঘনাটো।দুৰ্ঘটনাগ্ৰস্ত বাহন দুখনৰ নম্বৰ হৈছে AS 22 C 6750 আৰু AS 22 C 30