
IIT মাদ্ৰাছৰ ছাত্ৰী ফাতিমা লতীফৰ আত্মহত্যাৰ ঘটনাই লৈছে নতুন মোৰ। মৃত ছাত্ৰীগৰাকীৰ পিতৃ আব্দুল লতীফে IIT মাদ্ৰাছৰ এজন Assistant professorৰ বিৰুদ্ধে ফাতিমাক নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছে।
ইয়াৰ লগতে কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়নক সাক্ষাৎ কৰি ন্যায়ৰ আহ্ৱান জনায়। আব্দুল লতীফে মুখ্যমন্ত্ৰী বিজয়নক প্ৰদান কৰা পত্ৰত ক’লে যে তেওঁৰ কন্যা ফাতিমা লতীফৰ মোবাইল ফোনৰ পৰা এখন ছুইচাইড নোট সংগ্ৰহ কৰিছে। পত্ৰখনত ফাতিমা লতীফে এগৰাকী Assistant professorৰ বিৰুদ্ধে নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছে।

কেৰালাৰ মুখ্যমন্ত্ৰীক কন্যাৰ মৃত্যুৰ উচিত তদন্তৰ দাবী কৰিছে পিতৃ আব্দুল লতীফে। আব্দুল লতীফে ক’লে যে তেওঁৰ কন্যাই কৈছিল যে তাই পৰীক্ষাৰ বাবে পঢ়িব আৰু যাৰ বাবে তাই মোবাইল অফ কৰি ৰাখিব। তাইৰ বন্ধু-বান্ধৱীসকলেও এই সন্দৰ্ভত কোনোধৰণৰ স্পষ্ট মন্তব্য কৰা নাই। ইফালে, হোষ্টেলৰ বাৰ্ডেনে পৰিয়ালক ফাতিমাৰ আত্মহত্যাৰ খবৰ দিয়ে।
ইয়াৰ পিছত ফাতিমাৰ পৰিয়াল চেন্নাইত উপস্থিত হৈ আৰু ফাতিমাৰ ভগ্নী আয়েশা লতীফে ফাতিমাৰ ফোন ছুইটছ অন কৰে আৰু এটা মেছেজ প্ৰত্যক্ষ কৰে ভগ্নীয়ে। মেছেজত লিখা আছিল- ‘এছিছেণ্ট প্ৰফেছৰ, মোৰ মৃত্যুৰ কাৰণ। প্লীজ মোৰ ছেমছাং নোট চেক কৰিব।’

মৃত ছাত্ৰীগৰাকীৰ পৰিয়ালৰ দাবী IIT প্ৰফেছৰজনে ধাৰাবাহিকভাৱে ফাতিমাক নিৰ্যাতন চলাই আছিল আৰু ইয়াৰ বাবে ফাতিমা মানসিকভাৱে ভাগি পৰিছিল। পিতৃৰ অভিযোগ IIT কেম্পাছৰ লোকসকলেও ফাতিমাৰ মৃত্যুক লৈ যথেষ্ট সমালোচনা কৰিছে।
উল্লেখ্য যে ফাতিমা কেৰালাৰ কোল্লমৰ বাসিন্দা আছিল। ১৯ বছৰীয়া ফাতিমাই ৯ নৱেম্বৰ অৰ্থাৎ শনিবাৰে IIT মাদ্ৰাছৰ হোষ্টেলত আত্মহত্যাৰ দৰে চৰম পথ বাছি লৈছিল। ফাতিমা যথেষ্ট মেধাৱী ছাত্ৰী আছিল। Humanities and Development Studiesত এমএ প্ৰথম বৰ্ষৰ ছাত্ৰী আছিল।