35 C
Guwahati
Wednesday, October 13, 2021
More

    লাভ জেহাদ, কলগাছিয়াত ভূৱা পৰিছয় দি টেট শিক্ষকে পলুৱাই নিলে কিশোৰীক

    লাভ জেহাদ, কলগাছিয়াত ভূৱা পৰিছয় দি টেট শিক্ষকে পলুৱাই নিলে কিশোৰীক

    এইবাৰ কলগাছিয়াত লাভ জেহাদৰ ঘটনা সংঘটিত হৈছে। এজন হিন্দু লোকৰ প্ৰতাৰণাৰ বলি হ’বলগীয়া হৈছে এগৰাকী মুছলান কিশোৰী।

    ওদালগুৰি জিলাৰ পানেৰী থানাৰ অন্তৰ্গত কাশী নাথ বিশ্বাসৰ পুত্ৰ ভোলা চন্দ্ৰ বিশ্বাসে(৩৫) কৰ্মসূত্ৰে কলগাছিয়াৰ সোণাবাৰী প্ৰাথমিক বিদ্যালয়ত শিক্ষক হিচাপে কৰ্মৰত হৈ আছিল।

    ভোলা চন্দ্ৰ বিশ্বাসে কালগাছিয়াৰ এগৰাকী ১৪ বছৰীয়া নাবালিকা মুছলমান কিশোৰীক পলুৱাই নি বিয়া কৰোৱাক লৈ সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে।

    জানিব পৰা মতে, শিক্ষক ভোলা চন্দ্ৰ বিশ্বাসৰ পূৰ্বৰ এঘৰাকী পত্নী আৰু এজন সন্তানো আছে।

    আনহাতে, নাবালিকা কিশোৰী গৰাকীৰ পৰিয়ালৰ লোকৰ অভিযোগৰ ভিত্তিত কলগাছিয়া আৰক্ষীয়ে ভাড়াঘৰৰ পৰা শিক্ষক গৰাকীক আটক কৰে।

    টেট শিক্ষক গৰাকীৰ বিৰুদ্ধে কলগাছিয়া আৰক্ষীয়ে ইতিমধ্যে ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত ৬৬৪/২১ য়ু/এছ ৩৬৬(এ) নম্বৰত এটা গোচৰ ৰুজু কৰিছে।

    টেট শিক্ষক গৰাকীয়ে এগৰাকী কিশোৰীক পলুৱাই নিয়াক কাৰ্য্যক বিভিন্ন দল-সংগঠনে ধিক্কাৰ দিছে।

    ফটো আৰু ইনপুট- জাবেদ আলী

    আৰু পঢ়ক : আজাহাৰুদ্দিনৰ মতে শ্ৰেষ্ঠ ভাৰতীয় ক্ৰিকেটাৰ কোন?, টুইটাৰত ক’লে ক্ৰিকেটাৰ গৰাকীয়ে

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং