চিকিৎসালয়ত উগ্ৰপন্থীৰ গুলীচালনা, সমগ্ৰ অঞ্চলটো ঘেৰাও কৰিছে নিৰাপত্তাৰক্ষীয়ে

0
1306
চিকিৎসালয়ত উগ্ৰপন্থীৰ গুলীচালনা, সমগ্ৰ অঞ্চলটো ঘেৰাও কৰিছে
প্ৰতিনিধিত্বমূলক চিত্ৰ

চিকিৎসালয়ত উগ্ৰপন্থীৰ গুলীচালনা, সমগ্ৰ অঞ্চলটো ঘেৰাও কৰিছে নিৰাপত্তাৰক্ষীয়ে

শ্ৰীনগৰত আজি এখন চিকিৎসালয়ত উগ্ৰপন্থী আৰু নিৰাপত্তাৰক্ষীৰ মাজত গুলীচালনাৰ ঘটনা সংঘটিত হোৱাৰ খবৰ লাভ কৰা গৈছে।

ঘটনাটোৰ পিছত সুৰক্ষা বাহিনীয়ে উগ্ৰপন্থীসকলক ঘেৰাও কৰিছিল যদিও সন্ত্ৰাসবাদীসকল পলাই যাবলৈ সক্ষম হয়।

বৰ্তমান ঘটনাস্থলত বৃহৎ সংখ্যক সুৰক্ষা কৰ্মী উপস্থিত হৈছে।

শ্ৰীনগৰ আৰক্ষীয়ে টুইট কৰি কয়, ‘এছ কে আই এম এছ চিকিৎসালয়ত সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত কিছু সময়ৰ বাবে গুলীবৰ্ষণ হৈছিল। সাধাৰণ লোকৰ উপস্থিতিৰ সুযোগ লৈ সন্ত্ৰাসবাদীসকল পলাই যাবলৈ সক্ষম হয়’।

আৰক্ষীৰ এটা সূত্ৰই ৰাষ্ট্ৰীয় সংবাদ মাধ্যমক কয় যে এজন লোকক আঘাতৰ বাবে চিকিৎসালয়লৈ লৈ যোৱা হৈছিল। প্ৰথমতে, আৰক্ষীয়ে ইয়াক দুৰ্ঘটনাজনিত গুলীচালনাৰ ঘটনা বুলি বৰ্ণনা কৰিছিল।

সূত্ৰ অনুসৰি, বৰ্তমান চিকিৎসা মহাবিদ্যালয় আৰু হোষ্টেলসমূহ ঘেৰাও কৰি ৰখা হৈছে। 

প্ৰব্ৰজনকাৰী শ্ৰমিক আৰু সংখ্যালঘুসকলক লক্ষ্য কৰি লোৱা ঘটনাৰ পিছত কাশ্মীৰ উপত্যকাত এইটো প্ৰথম ডাঙৰ সন্ত্ৰাসবাদী আক্ৰমণ।

বিগত কিছু দিনৰ পৰা চলি থকা অস্থিৰতাৰ বাবে বাবে শ্ৰীনগৰত ইতিমধ্যে অতিৰিক্ত ৫০ টা সুৰক্ষা বাহিনী মোতায়েন কৰা হৈছে।

কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহেও অলপতে শ্ৰীনগৰ ভ্ৰমণ কৰিছিল। জম্মু আৰু কাশ্মীৰত ধাৰা ৩৭০ আঁতৰোৱাৰ পিছত এইটো তেওঁৰ প্ৰথম শ্ৰীনগৰ ভ্ৰমণ আছিল।   

আৰু পঢ়ক : সুদীৰ্ঘ ১৪ বছৰৰ পিছত নিজ গাঁৱত উপস্থিত এসময়ৰ সশস্ত্ৰ সংগঠনৰ দুধৰ্ষ নেতা সংবিজিত