কাশ্মীৰত চিআইএছএফ জোৱান কঢ়িয়াই নিয়া বাছৰ ওপৰত সন্ত্ৰাসবাদীৰ আক্ৰমণ, এজন জোৱান শ্বহীদ

0
2526
কাশ্মীৰত চিআইএছএফ জোৱান কঢ়িয়াই নিয়া বাছৰ ওপৰত সন্ত্ৰাসবাদীৰ আক্ৰমণ, এজন জোৱান শ্বহীদ

কাশ্মীৰত চিআইএছএফ জোৱান কঢ়িয়াই নিয়া বাছৰ ওপৰত সন্ত্ৰাসবাদীৰ আক্ৰমণ, এজন জোৱান শ্বহীদ :- জম্মু-কাশ্মীৰত পুনৰ সুৰক্ষা বাহিনীৰ ওপৰত আক্ৰমণ সংঘটিত কৰিছে সন্ত্ৰাসবাদীৰ দলে।

জম্মু-কাশ্মীৰত কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনীৰ ১৫ জন জোৱানক কঢ়িয়াই লৈ যোৱা এখন বাছৰ ওপৰত শুকুৰবাৰে সন্ত্ৰাসবাদীৰ দলে আক্ৰমণ সংঘটিত কৰে।

চিআইএছএফৰ জোৱানক কঢ়িয়াই লৈ যোৱা বাছৰ ওপৰত সন্ত্ৰাসবাদীয়ে আক্ৰমণ সংঘটিত কৰাৰ পাছতে চিআইএছএফৰ জোৱানে সন্ত্ৰাসবাদীৰ দলৰ ওপৰত প্ৰতি আক্ৰমণ সংঘটিত কৰে।

চিআইএছএফৰ জোৱানৰ প্ৰতি আক্ৰমণৰ পাছতে সন্ত্ৰাসবাদীৰ দলে সেই স্থান এৰি পলায়ন কৰিবলৈ বাধ্য হয়।

অৱশ্যে সন্ত্ৰাসবাদীৰ সৈতে গুলীয়াগুলিৰ ঘটনাত এজন চিআইএছএফৰ জোৱান শ্বহীদ হোৱাৰ লগতে অন্য দুজন জোৱান আঘাতপ্ৰাপ্ত হয়।

চিআইএছএফৰ জোৱানৰ বাছৰ ওপৰত সন্ত্ৰাসবাদীয়ে আক্ৰমণ সংঘটিত কৰাৰ পাছতে এতিয়া নিৰাপত্তাৰক্ষী বাহিনীয়ে সমগ্ৰ অঞ্চলটো ঘেৰি ধৰি সন্ত্ৰাসবাদীৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে।

আৰু পঢ়ক : আইপিএলত বিৰল অভিলেখৰ অধিকাৰী হ’ল মুম্বাই ইণ্ডিয়ানছ