28 C
Guwahati
Saturday, October 1, 2022
More

    জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ আক্ৰমন ! আক্ৰমনত শ্বহীদ তিনি সেনা জোৱান

    জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ আক্ৰমন ! আক্ৰমনত শ্বহীদ তিনি সেনা জোৱান

    জম্মু-কাশ্মীৰত ৰাজৌৰিত সন্ত্ৰাসবাদীৰ আক্ৰমন। সেনা ছাউনীত আক্ৰমণ কৰে সন্ত্ৰাসবাদীয়ে।

    সেনাৰ হোৱা সংঘৰ্ষত তিনি জন ভাৰতীয় সেনা আৰু দুটা সন্ত্ৰাসবাদী নিহত হৈছে বুলি জানিব পৰা গৈছে।

    স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত জম্মুত ভয়ংকৰ কূটাঘাত সংঘটিত কৰাৰ পৰিকল্পনা কৰিছিল সন্ত্ৰাসবাদীৰ দলটোৱে।

    সন্ত্ৰাসবাদীয়ে এটা সেনাৰ ছাউনীক চাৰিওফালে ঘেৰাও কৰি আক্ৰমণ কৰে।

    সন্ত্ৰাসবাদীক প্ৰত্যুত্তৰ দিবলৈ গৈ ভাৰতীয় সেনাইও গুলি বর্ষণ কৰিছিল।

    দুয়ো পক্ষৰ মাজত প্রচণ্ড গুলীয়াগুলি হৈছিল। যাৰ ফলত তিনি জনকৈ ভাৰতীয় সেনা শ্বহীদ হ’ব লগা হ’ল।

    তাৰ পিছতে সমগ্র অঞ্চল জুৰি এতিয়া আতংকই বিৰাজ কৰিছে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং