24 C
Guwahati
Tuesday, September 27, 2022
More

    জম্মু-কাশ্মীৰত পুনৰ নিৰাপত্তাৰক্ষীৰ ওপৰত সন্ত্ৰাসবাদীৰ আক্ৰমণ ! গুৰুত্বৰভাৱে আহত সেনা জোৱান

    জম্মু-কাশ্মীৰত পুনৰ নিৰাপত্তাৰক্ষীৰ ওপৰত সন্ত্ৰাসবাদীৰ আক্ৰমণ ! গুৰুত্বৰভাৱে আহত সেনা জোৱান

    জম্মু-কাশ্মীৰত পুনৰ সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰিলে নিৰাপত্তাৰক্ষীক । জম্মু-কাশ্মীৰৰ আলী জান ৰোডত গ্ৰেনেড নিক্ষেপ কৰি নিৰাপত্তাৰক্ষীক আক্ৰমণ কৰিছে সন্ত্ৰাসবাদীৰ দলটোৱে।

    আক্ৰমণটোত এজন চিআৰপিএফ জোৱান আঘাতপ্ৰাপ্ত হয়। আক্ৰমণৰ পিছত সন্ত্ৰাসবাদীসকল পলাই যায়। আঘাটপ্ৰাপ্ত সেনা জোৱান জনক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হয়।

    আহত আৰক্ষীজনক চিআৰপিএফৰ ১৬১ তম বেটেলিয়নৰ উপ-পৰিদৰ্শক পাৰভেজ ৰাণা বুলি জানিব পৰা গৈছে । সন্ত্ৰাসবাদীয়ে আলী জান ৰোডত থকা ঈদগাহৰ ওচৰত জোৱানসকলক আক্ৰমণ কৰে।

    এই আক্ৰমণৰ পিছত জোৱানসকল সতৰ্ক হৈ পৰে। সেনাসকলে গোটেই অঞ্চলটো ঘেৰি ধৰাৰ লগতে এটা অনুসন্ধানৰ অভিযান আৰম্ভ কৰিছে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং