কামৰূপত‌‌ এটাৰ পিছত জ্বলিছে আনটো উদ্যোগ, পুনৰ এটি উদ্যোগত ভয়ংকৰ অগ্নিকাণ্ড

0
303

কামৰূপত‌‌ এটাৰ পিছত জ্বলিছে আনটো উদ্যোগ, পুনৰ এটি উদ্যোগত ভয়ংকৰ অগ্নিকাণ্ড

কামৰূপত এটাৰ পাছত জ্বলিছে আনটো উদ্যোগ । উত্তৰ গুৱাহাটীৰ চকীগেটত ভয়ংকৰ অগ্নিকাণ্ড ।

চকীগেটৰ চানৰাইজ পেকেজিং উদ্যোগত অগ্নিকাণ্ডৰ সূত্ৰপাত । কেনেদৰে অগ্নিকাণ্ড সংঘটিত হ’ল সেয়া জানিব পৰা হোৱা নাই যদিও জুইৰ লেলিহান শিখাই চানি সমগ্ৰ উদ্যোগটো ।

ক’লা ধোৱাই আৱৰি পেলাইছে বৃহত্তৰ চকীগেট অঞ্চলৰ আকাশ । দপদপাই এফালৰ পৰা জ্বলি চাৰখাৰ হৈছে উদ্যোগটোত মজুত থকা হাজাৰ হাজাৰ মেট্ৰিক টন কাৰ্টন ।

অগ্নিনিৰ্বাপক বাহিনীৰ কেইবাখনো বাহনে জুই নিৰ্বাপনৰ বাবে চলাইছে অপ্ৰান চেষ্টা । উদ্যোগটোত অগ্নিনিৰ্বাপন আৰু আপতকালীন সুবিধা সমূহ নথকাৰ বাবে ভয়ংকৰ ৰূপ লৈছে অগ্নিকাণ্ডই ।

অগ্নিকাণ্ডকলৈ সমগ্ৰ অঞ্চলটোত আতংকময় পৰিৱেশ বিৰাজ কৰিছে । কেইবা লক্ষ্যাধিক টকাৰ সা-সামগ্ৰী ভষ্মিভূত হয়‌ এই অগ্নিকাণ্ডত । ৫খন অগ্নিনিৰ্বাপক বাহিনীৰ বাহনে যুদ্ধকালীন ক্ষীপ্ৰতাৰে অগ্নি নিৰ্বাপনৰ বাবে কৰিছে অহৰহ চেষ্টা ।

ইনপুট: নিতোপম মেধী

আৰু পঢ়ক : ভয়-ভাবুকি দি ১০০০ লোকক ধৰ্মান্তৰণ; আটক হোৱা মৌলানা পূৰ্বতে আছিল হিন্দু