মেঘালয়ৰ ৰাজাবালা বজাৰত ভয়ংকৰ অগ্নিকাণ্ড ৰ ঘটনা সংঘটিত হয় । জানিব পৰা মতে বিদ্যুৎ তাঁৰৰ বিসংগতিৰ বাবে সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা। উল্লেখ্য যে, এই অগ্নিকাণ্ডৰ ফলত তিনিখনকৈ দোকান ভস্মীভূত হয়।
ইয়াৰ পিছতে ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নুমাবলৈ সক্ষম হয়।
দোকান তিনিখনি ঔষধৰ দোকান, কাপোৰৰ দোকান, ষ্টেচনেৰীৰ দোকান আছিল বুলি জানিব পৰা গৈছে ।
দোকান তিনিখনত আনুমানিক প্ৰায় ৩০ ৰ পৰা ৪০ লাখ টকাৰ সামগ্ৰী নষ্ট হৈছে বুলিও জানিব দিয়ে স্থানীয় দোকানী সকলে।
আৰু পঢ়ক : এশ গৰু মাৰিলে বাঘৰো মৰণ, দীৰ্ঘদিনে আৰক্ষীৰ পৰা পলাই ফুৰা গভাইত চোৰ পৰিল জালত