দৰঙৰ শিলবৰী বজাৰত কালি সন্ধিয়াত সংঘটিত এক ভয়ংকৰ অগ্নিকাণ্ডত দুখন দোকান ভস্মীভূত হয় ৷
জানিব পৰা মতে অগ্নিকাণ্ডত শিলবৰী বজাৰৰ গুলজাৰ হুছেইন আৰু ছফিকুল ইছলাম নামৰ ব্যক্তি দুজনৰ গেলামালৰ দোকান দুখন জুইত জাহ যায়। লগতে দোকান খনৰ সন্মুখত থকা বাইক এখনো ভস্মীভূত হয়৷
খাৰুপেটীয়াৰ পৰা অগ্নিনিৰ্বাপক বাহিনীৰ দুখন গাড়ী ঘটনাস্থলীলৈ যায় যদিও ইয়াৰ পূৰ্বে স্থানীয় ৰাইজে খেতিত পানী দিয়া মোটৰ পাম্পৰ সহায়ত জুই নিয়ন্ত্ৰন কৰি বজাৰখনৰ আন দোকান সমূহ ৰক্ষা কৰে৷
আৰু পঢ়ক : পঞ্চম শ্ৰেণীলৈকে কোনো ছাত্ৰ-ছাত্ৰীয়ে ইংৰাজী মাধ্যমত পঢ়িব নোৱাৰিবঃ হিমন্ত বিশ্ব শৰ্মা