মহা অষ্টমী দিনাই জোনাইত ভয়ংকৰ দুৰ্ঘটনা! দুজনৰ অৱস্থা সংকটজন

0
567

মহা অষ্টমী দিনাই জোনাইত ভয়ংকৰ দুৰ্ঘটনা! দুজনৰ অৱস্থা সংকটজন

দুৰ্গা পূজাৰ আনন্দ উল্লাহৰ মাজতেই এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। দুৰ্গা পূজাৰ মহা অষ্টমী মাজতেই জোনাইত এই ভয়ংকৰ পথ দুৰ্ঘটনাটো সংঘটিত হৈছে।

জানিব পৰা মতে জোনাই বান্দানাস্থিত ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়।

তেলামৰ পৰা জোনাই অভিমুখী এখন যাত্ৰীবাহী মেজিক আৰু পাচীঘাটৰ পৰা ডিব্ৰুগড়লৈ গৈ থকা এখন ৰেনল্ট গাড়ীৰ মুখামুখি সংঘৰ্ষ সংঘটিত হয়।

দুৰ্ঘটনাটোৰ ফলত মুঠ আঠজনকৈ লোক আহত হয়।আহত ব্যক্তিসকলক প্ৰাথমিক চিকিৎসাৰ ভাৱে জোনাই অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

আনহাতে গুৰুতৰ ভাৱে আহত হোৱা দুজন ব্যক্তিক সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ ভাৱে AMCH লৈ প্ৰেৰণ কৰে।দুৰ্ঘটনাগ্ৰস্ত মেজিক খনৰ নম্বৰ AS-22C-2648

Input and photo – Rahul Dole