গহপুৰত শোকাৱহ পথ দূৰ্ঘটনা ! থিতাতে নিহত দুই শিক্ষক

0
206

গহপুৰত শোকাৱহ পথ দূৰ্ঘটনা ! থিতাতে নিহত দুই শিক্ষক

গহপুৰত এক ভয়ংকৰ পথ দূৰ্ঘটনা সংঘটিত হৈছে । গহপুৰৰ সোলেঙীৰ ১৫ নং ৰাষ্ট্ৰীয় পথত এখন ট্ৰাক আৰু হুণ্ডায় i20 বাহনৰ মুখামুখি সংঘৰ্ষ হয় |

দুৰ্ঘটনাটোৰ ফলত i20 খনৰ চালকৰ আসনত থকা দেৱজিৎ কাকতি আৰু দেৱজিৎ শৰ্মা থিতাতে নিহত হয় ।

আনহাতে পিছৰ আসনত থকা আন তিনি জন গুৰুত্বৰ ভাৱে আহত হয় । উল্লেখ যে , নিহত দুয়োজনেই শিক্ষক আছিলে |

জানিব পৰা মতে গহপুৰ নগৰৰ শিক্ষা বিভাগৰ কাৰ্যালয়ৰ পৰা বিদ্যালয়ৰ কাম কৰি ঘৰলৈ উভতাৰ পথত দূৰ্ঘটনাটো সংঘটিত হয় |

দুৰ্ঘটনা প্ৰতিত ট্ৰাক খনৰ নম্বৰ AS01FC4400 আৰু i20 খনৰ নম্বৰ AS12X 9233


Input – Moon Gogoi