26.8 C
Guwahati
Tuesday, July 27, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    ক’ভিডত মৃত্যু হোৱা পুত্ৰৰ মৃতদেহ এৰি ১৭ ঘন্টা গোহালিত কটাব লগীয়া হ’ল পৰিয়াল…

    ক’ভিডত মৃত্যু হোৱা পুত্ৰৰ মৃতদেহ এৰি ১৭ ঘন্টা গোহালিত কটাব লগীয়া হ’ল পৰিয়াল…

    ২১ বছৰীয়া নিজ পুত্ৰৰ নিথৰ মৃতদেহ ভিতৰত পেলাই ১৭ ঘণ্টা পৰিয়ালৰ লোক গোহালিত গৰুৰ সৈতে সহবাস কৰিব লগা ঘটনা সংঘটিত হ’ল এই খন অসমতে।

    যোৰহাট জিলাৰ টীয়কৰ ২ নং কাৱৈমাৰী গোহাঁই গাঁওৰ ৰামেশ্বৰ শইকীয়াৰ ২১ বছৰীয়া পুত্ৰ জ্বৰ-কাঁহত ভুগি কালি বিয়লি ৪-২০ বজাত মৃত্যু হয়। মৃত্যুৰ পিছতে নিশা ৭ বজাত স্বাস্থ্য বিভাগে গৈ ক’ভিড টেষ্ট সম্পন্ন কৰি ফলাফল পজিটিভ বুলি কৈ গুচি আহে।

    কিন্তু ঘটনাৰ ১৭ ঘণ্টাৰ পিছতহে যোৰহাট পৌৰ সভাৰ এখন মৃতদেহ কঢ়িওৱা বাহন গৈ গাঁওবাসীৰ ক্ষোভৰ মাজতে মৃতদেহ সৎকাৰৰ বাবে আনে ।

    উল্লেখযোগ্য যে যুৱকজনৰ মৃত্যুৰ খবৰ স্থানীয় চৰকাৰী গাওঁবুঢ়া, স্থানীয় আশাকৰ্মীক গাঁওবাসীয়ে জনাইছিল যদিও কোনো সুদত্তৰ নাপাই অৱশেষত সংবাদ মাধ্যমৰ সহায় বিচাৰে। অতি পৰিতাপৰ বিষয় যে স্থানীয় চৰকাৰী গাওঁবুঢ়াক এই সন্দৰ্ভত সহায় বিচৰাত গাঁওবুঢ়াই ৰাষ্ট্ৰপতিৰ ফোন আহিলেও মই নিহিলো বুলি উৰ্ধত মন্তব্যৰে গাঁওবাসীক সকীয়াই দিয়ে।

    এতিয়া প্ৰশ্ন হয় কিয় বাৰে বাৰে ভূলুণ্ঠিত হয় মানৱতা ?দায়িত্ব নাছিল নেকি আশাকৰ্মী আৰু চৰকাৰী গাওঁবুঢ়া ?মনকৰিবলগীয়া যোৱা এটা পষেকত উক্ত অঞ্চলতে আৰু দুজন ক’ভিডত আক্ৰান্ত হোৱাৰ লগতে কেইবাটাও অঞ্চল কন্টেইনমেন জ’ন হিচাপে চিহ্নিত হোৱাৰ পিছতো কিয় এই অঞ্চলসমূহত চৰকাৰীভাৱে কোনো সচেতনতাৰ অভাৱ ঘটিছে তাক লৈ জনতাই মাজত ৰহস্যৰ সৃষ্টি হৈছে।

    ইনপুট: শান্তি বৰা ।

    আৰু পঢ়ক : টকিঅ’ অলিম্পিকৰ খেলুৱৈ সকলৰ মাজত বিতৰণ কৰা হ’ব কণ্ডম!

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং