29 C
Guwahati
Friday, September 30, 2022
More

    এটি শিশুৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত কেলিডেন চাহ বাগিছা, চিকিৎসকৰ হেমাহিৰ অভিযোগ

    এটা চাৰিবছৰীয়া শিশুৰ মৃত্যুক কেন্দ্ৰ কৰি কলিয়াবৰত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। নিহত শিশুটিক ধ্ৰুপ তাঁতী বুলি জানিব পৰা গৈছে।

    বাগিছাখনৰ চিকিৎসকৰ চূড়ান্ত গাফিলতিৰ বাবেই শিশুটিৱে মৃত্যুক সাৱটি লোৱা বুলি দাবী তুলিছে পৰিয়ালৰ লগতে গাঁওবাসীয়ে।

    ঘটনাৰ বিৱৰণী মতে কেলিডেন চাহ বাগিছাৰ ১ নং লাইনৰ গুৰিয়া তাঁতীৰ চাৰি বছৰীয়া সন্তান ধ্ৰুপ তাঁতীক তিনি মাহ পূৰ্বে কুকুৰে কামুৰিছিল।

    পিছত পিতৃহীনা ধ্ৰুপক বাগিছাখনৰ চিকিৎসালয়ত মাতৃয়ে ভৰ্তি কৰে যদিও চিকিৎসকে টিটি বেজি এটা দিয়ে নিজৰ দায়িত্ব সামৰে।

    কিন্তু তিনি মাহৰ পিছত শিশুটিৰ স্বাস্থ্যৰ অৱনতি ঘটাত পুনৰ বাগিছাখনৰ চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে জখলাবন্ধা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

    জখলাবন্ধাৰ পৰা উন্নত চিকিৎসাৰ বাবে শিশুটিক লৈ যোৱা অৱস্থাতে শনিবাৰে মৃত্যুক সাৱটি লয় ধ্ৰুপে।

    ইয়াৰ পিছতে পৰিস্থিতি উত্তপ্ত হৈ পৰে। বাগিছাখনৰ চিকিৎসকৰ হেমাহিৰ দাবী তোলে স্থানীয় লোকসকলে।

    উল্লেখ্য যে ধ্ৰুপৰ মৃতদেহটো চিকিৎসালয়খনলৈ অনাৰ পিছতো নিশাৰ ভাগত চিকিৎসালয়খনত এজনো চিকিৎসা কৰ্মী উপস্থিত নথকাত পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰে।

    ইনপুট : দীপু বৰা

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং