সশস্ত্ৰ অৰুণাচলীৰ অৱস্থান লখিমপুৰৰ ৰূপহী ৰাজগড়ত, উত্তেজনাময় পৰিৱেশ

সীমান্তত আৰক্ষী চকী স্থাপনত বাধা প্ৰদান কৰে। ইয়াৰ পিছতে আৰক্ষী, দল আৰু সংগঠনৰ প্ৰতিনিধিৰ লগত তীব্ৰ বাক বিতণ্ডাৰ সৃষ্টি হয়

0
104

অসম-অৰুণাচল সীমান্তৰ লখিমপুৰৰ দুলুং ৰূপহী ৰাজগড়ত উত্তেজনাময় পৰিৱেশ। সশস্ত্ৰ অৰুণাচলীৰ অৱস্থান ৰূপহী ৰাজগড়ত। বনাঞ্চলৰ ৭ কিঃমিঃ ভূমি অৰুণাচলৰ বুলি দাবী কৰে সশস্ত্ৰ অৰুণাচলীয়ে।

সীমান্তত আৰক্ষী চকী স্থাপনত বাধা প্ৰদান কৰে। ইয়াৰ পিছতে আৰক্ষী, দল আৰু সংগঠনৰ প্ৰতিনিধিৰ লগত তীব্ৰ বাক বিতণ্ডাৰ সৃষ্টি হয়। উভতাই পঠিয়ালে আৰক্ষী আৰু সংগঠনৰ নেতা কৰ্মীক। ইয়াৰ পিছতে অৰুণাচলৰীৰ বিৰুদ্ধে ঘাগৰ নগৰৰ পৰা অৰুণাচল সংযোগী পথ অৱৰোধ কৰে দল-সংগঠনে। ঘটনাস্থলীত লখিমপুৰৰ আৰক্ষী অধীক্ষক ৰাজৱীৰ সিঙকে ধৰি জিলা প্ৰশাসনৰ উচ্চপদস্থ বিষয়াৰ দল উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়।

Photo:Time8