খেলো ইণ্ডিয়াত পুনৰ উত্তপ্ত পৰিস্থিতি; অসমৰ খেলুৱৈৰ পৰাজয়ৰ পিছতে ক্ষুব্ধ প্ৰশিক্ষক

মঙলবাৰেও খেলো ইণ্ডিয়াত হৈছিল অঘটন। অসম আৰু মধ্য প্ৰদেশৰ খেলুৱৈৰ মাজত সংঘটিত হৈছিল মাৰপিটৰ ঘটনা

0
63

খেলো ইণ্ডিয়াত বক্সিঙত পুনৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি। অসমৰ প্ৰিয়ংকা বৰাৰ পৰাজয়ৰ পিছতে ৰিঙত উঠি যায় প্ৰশিক্ষক। ক্ষোভ উজাৰে খেলুলৈ তথা প্ৰশিক্ষকে। তামিলনাডুৰ বিৰুদ্ধে আছিল খেলখন। ৪৮ কেজিৰ মহিলা শাখাত অনুষ্ঠিত হৈছিল খেলখন। পৰাজয়ৰ পিছতে শোকত ভাগি পৰিছে অসমৰ প্ৰশিক্ষক। উদ্যেশ্যপ্ৰণোদিতভাৱে অসমৰ খেলুৱৈক হৰুৱাৰ অভিযোগ প্ৰশিক্ষকৰ।

মঙলবাৰেও খেলো ইণ্ডিয়াত হৈছিল অঘটন। অসম আৰু মধ্য প্ৰদেশৰ খেলুৱৈৰ মাজত সংঘটিত হৈছিল মাৰপিটৰ ঘটনা। পল্টন বজাৰৰ ছাই ফিল্ডত অসমৰ প্ৰান্তজ্যোতি আৰু মধ্য প্ৰদেশৰ খেলুৱৈ হিমাংশু শ্ৰীৱাছৰ মাজত অনুষ্ঠিত হৈছিল বক্সিং খেল। মধ্য প্ৰদেশৰ খেলুৱৈগৰাকীয়ে বিজয়ী হোৱাৰ পিছতে অসমৰ আন খেলুৱৈসকলক অশ্লীল ইংগিত দিয়াৰ অভিযোগ উত্থাপন হৈছিল। ইয়াকে লৈ পিছত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। খেলৰ মাজতে ২ ফৈদৰ মাজত হয় হতাহতি।

Photo: Time8