শিহৰণকাৰী দুৰ্ঘটনা; ট্ৰেক্টৰত খুন্দা নিয়ন্ত্ৰণহীন ট্ৰাকৰ, দুটি শিশুসহ ১০ গৰাকীয়ে হেৰুৱালে প্ৰাণ

0
2513

সোমবাৰে উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত ইন্টোজা আৰক্ষী থানা এলেকাত এখন ট্ৰেক্টৰ ট্ৰলী পুখুৰীত বাগৰি পৰাৰ ফলত ১০ জন লোকৰ মৃত্যু হোৱাৰ খবৰ আহিছে।

জিলা দণ্ডাধীশে এই খবৰ নিশ্চিত কৰিছে।

আনহাতে আৰক্ষীয়ে স্থানীয় ৰাইজৰ সহযোগত এই পযৰ্ন্ত ৩৬ জনতকৈও অধিক লোকক নিৰাপদে উদ্ধাৰ কৰিছে। এতিয়াও যুদ্ধসদৃশ গতিত অব্যাহত আছে উদ্ধাৰ অভিযান।

শাৰদীয় নৱৰাত্ৰীৰ প্ৰথম দিনটোত সীতাপুৰৰ অটাৰিয়াস্থিত টিকোলী গাঁও নিবাসী এজন লোকৰ পুত্ৰৰ চূড়াকৰণৰ বাবে ইণ্টোজাস্থিত ঊনই দেৱী মন্দিৰলৈ গৈ আছিল এই লোকসকল।

কিন্তু মন্দিৰ পোৱাৰ পূৰ্বে এখন নিয়ন্ত্ৰণহীন ট্ৰাকে ট্ৰেক্টৰৰ ট্ৰলীত খুন্দিওৱাত ট্ৰেক্টৰখন এটা পুখুৰীত বাগৰি পৰে।

এই দুৰ্ঘটনাৰ খবৰ পোৱাৰ লগে লগে স্থানীয় আৰক্ষীৰ লগতে উদ্ধাৰকাৰী দল ঘটনাস্থলত উপস্থিত হৈ স্থানীয় লোকৰ সহযোগত উদ্ধাৰ অভিযান চলাই।

উদ্ধাৰ কৰা লোকসকলক হাস্পতালত ভৰ্তি কৰোৱা হৈছে।

ইফালে মৃত্যু হোৱা লোকসকলক চিনাক্ত কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা বুলিও জনাই প্ৰশাসনে। মৃত লোকসকলৰ ভিতৰত আছিল, আঠগৰাকী মহিলা আৰু দুটি শিশু।

এই অত্যন্ত ভয়াৱহ দুৰ্ঘটনাটো সন্দৰ্ভত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে শোকপ্ৰকাশ কৰি মৃতকৰ পৰিয়ালক মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা ৪ লাখ টকাকৈ এককালীন সাহায্য প্ৰদানৰ কথা ঘোষণা কৰে।