27 C
Guwahati
Saturday, September 18, 2021
More

    পুৰুষৰ প্ৰৱেশ নিষেধ, দেশৰ কেইটামান মন্দিৰত কেৱল মহিলাই পাৰে পূজা দিব, অসমৰো নাম আছে এই তালিকাত

    সাধাৰণতে বহু মন্দিৰত মহিলাৰ প্ৰৱেশ নিষেধ, তেনে ক্ষেত্ৰত পিছে দেশত এনে কিছু মন্দিৰো আছো য’ত পুৰুষৰহে প্ৰৱেশ নিষেধ কৰা আছে। কোনো পুৰুষেই প্ৰৱেশ কৰিব নোৱাৰে সেই মন্দিৰত। কেৱল মহিলাই হে পূজা দিব পাৰে।

    এই মন্দিৰৰ তালিকাত নাম আছে গুৱাহাটীৰ মা- কামাখ্যা মন্দিৰো। কামাখ্যা মন্দিৰত প্ৰতিবছৰে অনুষ্ঠিত হোৱা অম্বুবাচীৰ মেলাৰ সময়ত বহু লোকৰ সমাগত হয়। চাৰিদিনৰ বাবে অনুষ্ঠিত হোৱা এই মেলাত মনা হয় যে, সেই সময়ত মা কামাখ্যাৰ ৰজস্বলা হয়। সেই সময়ত কোনো অন্য পুৰুষে মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিব নোৱাৰে। কেৱল মহিলা বা সন্যাসী লোকেহে মন্দিৰৰভিতৰত প্ৰৱেশ কৰাৰ অনুমতি আছে।

    দেৱী কন্যাকুমাৰী। ভাৰতৰ দক্ষিণত অৱস্থিত এই মন্দিৰত বছৰৰ কোনো এটা দিনতেই পুৰুষৰ প্ৰৱেশত নিষেধ আৰোপ কৰা আছে। মন্দিৰৰ দ্বাৰলৈ কেৱল সন্যাসী পুৰুষৰ প্ৰৱেশত অনুমতি আছে। ভিতৰত প্ৰৱেশ কৰি পূজা কৰাৰ বাবে অনুমতি কেৱল মহিলাৰ আছে। মন্দিৰৰ প্ৰাংগনতেই পুৰুষৰ প্ৰৱেশ নিষেধ।

    মাতা মন্দিৰ। কামাখ্যা মন্দিৰৰ দৰেই মুজাফ্ফৰ নগৰত অৱস্থিত এই মন্দিৰতো মায়ে ৰজস্বলা প্ৰাপ্ত কৰে। আৰু সেই সময়ত মন্দিৰ চৌহদত পুৰুষৰ প্ৰৱেষ নিষেধ। সেই সময়ত মন্দিৰৰ চোৱাচিতাৰ বাবে কেৱল মহিলাই প্ৰৱেশ কৰিহে কৰিব পাৰে। আনকি পূজাৰীৰ প্ৰৱেশতো নিষেধ সেই সময়ত।

    ব্ৰহ্মা মন্দিৰ। ৰাজস্থানত অৱস্থিত এই মন্দিৰত ব্ৰহ্ম দেৱতাক পূজা কৰা হয়। বিবাহিত পুৰুষৰ এই মন্দিৰত প্ৰৱেশত বাধা আৰোপ কৰা আছে। মান্যতা আছে যে, এই মন্দিৰত প্ৰৱেশ কৰা পুৰুষৰ বৈবাহিক জীৱন দুখময় হয়।

    অট্টুকল ভাগৱতী মন্দিৰ। কেৰালাৰ এই মন্দিৰত বছৰৰ এটা সময়ত এক মেলাৰ আয়োজন কৰা হয়। যি মেলাৰ আয়োজন কৰাৰ পৰা পূজা কৰালৈ লগতে অংশগ্ৰহনো কেৱল মহিলাই কৰে। পুৰুষৰ সেই সময়ত প্ৰৱেশত সম্পূৰ্ণ বাধা আৰোপ কৰা আছে।

    আৰু পঢ়ক : চৰকাৰী দলৰ বিধায়ক হিচাপে সকলো ক্ষেত্ৰতে প্ৰতিবাদ কৰিবলৈ যোৱাটো উচিত নহয় : অতুল বৰা

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং