29 C
Guwahati
Wednesday, August 10, 2022
More

    বান বিধ্বস্ত হাজোত ভাৰতীয় জনতা যুৱ মৰ্চাৰ ৰাষ্ট্ৰীয় সভাপতি তেজস্বী সূৰ্য্য

    ভয়ংকৰ বান-ভূমিস্খলনে ক্ষতিগ্ৰস্ত কৰা অসমত আজি উপস্থিত হৈছে ভাৰতীয় জনতা যুৱ মৰ্চাৰ ৰাষ্ট্ৰীয় সভাপতি তথা সাংসদ তেজস্বী সূৰ্য।

    ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ বানে ভয়ংকৰ ৰূপ ধাৰণ কৰা কামৰূপ গ্ৰাম্য জিলাৰ হাজোত যুৱ নেতাগৰাকী উপস্থিত হৈ বান পৰিস্থিতিৰ বুজ লয়।

    বাকপটুতাৰ বাবে পৰিচিত নেতা গৰাকীয়ে এছ ডি আৰ এফৰ নাওেৰে গৈ মনাহকুছি, বাহানা আদি অঞ্চল পৰিদৰ্শন কৰি বন্যাৰ্তৰ সৈতে মনৰ ভাৱ আদান প্ৰদান কৰে।

    ইয়াৰ উপৰি হাজোৰ বানাক্ৰান্ত ৰাইজৰ মাজত নেতাগৰাকীয়ে কিছু পৰিমানে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীও বিতৰণ কৰে।

    বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰাৰ সময়ত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত তেজস্বীয়ে কয়, ‘অসমত ভয়ংকৰ বান পৰিস্থিতিৰ সময়ত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই লোৱা ভূমিকা আৰু তৎপৰতা শলাগিবলগীয়া’।

    উল্লেখ্য যে ৰাষ্ট্ৰীয় অধ্যক্ষ গৰাকীক সংগ দিয়ে বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক ৰাতুল শৰ্মা, ভাৰতীয় জনতা যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি সিদ্ধাংকু অংকুৰ বৰুৱাৰ লগতে আন দলীয় কৰ্মকৰ্তাই।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং